পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

ৰাষ্ট্ৰই পৰিচালনা কৰা শিল্পৰ ভিতৰত স্বায়ত্বশাসিত অনুষ্ঠান সমূহে চলোৱা শিল্পও পৰিব ৷ বিজুলীশক্তি যোগান, পানী- যোগান, গেছযোগান, থিয়েটাৰ-বায়স্কোপ আদি ব্যৱসায় ইত্যাদিবোৰ মিউনিচিপেলিটি আৰু লোকেলবোর্ডে চলাব । ব্যক্তিগত ভাৱে চলোৱা শিল্পসমূহৰ ক্ষেত্ৰতো সম্পূর্ণ নতুন ব্যৱস্থা হ'ব। কম সূদত টকা ধাৰে দিয়া, কাৰিকৰী জ্ঞান আৰু বিদ্যাৰ যোগান, যন্ত্রপাতি আৰু কেঁচামালৰ যোগান দি ৰাষ্ট্ৰই ব্যক্তিগত ভাৱে পৰিচালিত শিল্পসমূহক সহায় কৰিব ।

এই শিল্পবোৰে তাৰ লগে লগে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ মানি চলিব লাগিব। যতে ত’তে যেই সেই শিল্প আৰম্ভ কৰিব নোৱাৰিব। ক’ত কি শিল্প প্রতিষ্ঠ। হ’ব তাক ৰাষ্ট্ৰই ঠিক কৰি দিব ; তদুপৰি শিল্পবোৰৰ বনুৱাৰ কেনে অৱস্থা হ'ব লাগিব তাক ধার্য্য কৰি দিয়া হ’ব। এই শিল্পবোৰত খটুৱা পুঁজিৰ ওপৰতো নিয়ন্ত্ৰণ থাকিব ; অৱশ্যে তিনিলাখ টকাৰ অধিক পুঁজিখটুৱা শিল্পৰ ওপৰতহে নিয়ন্ত্রণ থাকিব।

উৎপাদকৰ সমবায়

ব্যক্তিগত ভাৱে চলোৱা উদ্যোগ আৰু সৰুসুৰা উদ্যোগৰ ক্ষেত্ৰত উৎপাদক সকলৰ সমবায় স্থাপন কৰাত ৰাষ্ট্ৰই সহায় কৰিব। এই ক্ষেত্ৰত পুঁজিৰ অভাব, কামকৰা মানুহ সংখ্যাৰ আধিক্য আৰু তাকৰীয়া উৎপাদনজনিত সমস্যাৰ কিছুদূৰ সমাধান কৰাত এনে সমবায়ে সহায় কৰিব ৷ বনুৱাৰ সংখ্যা