পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২২)

তাক আয়োগে যোগান ধৰিব । এই গাওঁ পঞ্চায়ত সমূহ ক'অপাৰেটিভ সংস্থাসমূহ আৰু ৰাজ্য চৰকাৰ এই তিনিওৰে প্রতিনিধি আৰু খেতিবিষয়ক বিশেষজ্ঞৰ দ্বাৰা এই আয়োগ গঠিত হ’ব ।

ৰাজ্যিক মাটি-আয়োগ

আঞ্চলিক আয়াগ সমূহৰ ওপৰত প্রত্যেক ৰাজ্যতে একো- টাকৈ ৰাজ্যিক মাটি-আয়োগ (State Land Commission) থাকিব। এই আয়োগৰ দায়িত্ব থাকিব গাৱঁলীয়া আৰ্থিক অৱস্থাৰ উন্নতিকল্পে আঁচনি কৰা; আর্থিক অৱস্থা উন্নত কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ । মাটিৰ খাজনা সম্পর্কীয় সমস্যা, জলসিঞ্চন খেতি-বাতি, ঘৰুৱা শিল্প সমবায় শষ্য উৎপাদনৰ আঁচনি ইত্যাদি সকলো কথাৰ ওপৰত মাটি-আয়োগে চকু দিব ।

এই আয়োগে কোনো চৰকাৰী বিভাগৰ তলতীয়া হিচাপে কাম নকৰে ; স্বাধীনভাৱে কাম কৰাৰ ক্ষমতা পাব। এই আয়োগৰ সভ্যসকল হ’ব – আঞ্চলিক আয়োগ সমূহৰ, সমবায় অনুস্থান সমূহৰ আৰু ৰাজ্যচৰকাৰৰ প্রতিনিধি সকল আৰু খেতি-বিষয়ক বিশেষজ্ঞ সকল ।

ইউনিয়ন মার্টি-আয়োগ

সৰ্ব্বভাৰতীয় ক্ষেত্ৰত খেতি পৰিকল্পনা, ইঠাইৰ পৰা সিঠাইলৈ