পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

হাতত পৰিছিল গৈ। ইফালে ভাৰতীয় সমাজত থকা পুৰণি বৈষম্য বোৰক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰি বৃটিছৰ বহতীয়া স্বৰূপে বিশেষ সুবিধা ভোগী শ্ৰেণীক ছৰকাৰী সমৰ্থন আৰু সহায় দিছিল; আৰু তাৰে ফলত ভাৰতৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰত বৈষম্য আগতকৈও বৃদ্ধি পাইছিল।

স্বাধীনতা যুজঁত নমা ভাৰতীয় জনতাৰ বিদেশী শাসন অন্ত পেলোৱাই একমাত্ৰ উদ্দেশ্য নাছিল। যেতিয়া দেশৰ অগণন খেতিয়ক আৰু বহুৱাই, নিবনুৱা আৰু সকলো সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ থকা শ্ৰেণীয়ে উদ্যম-উৎসাহেৰে স্বাধীনতাৰ নিচানৰ তলত সমবেত হৈছিল, তেতিয়া তেওঁলোকে ভাবিছিল বৃটিছক আতঁৰোৱাৰ পিছত স্বাধীন ভাৰতত তেওঁলোকৰ জীৱন বিকাশৰ উপযোগী সুযোগ-সুবিধা আৰু সমাজ পৰিবৰ্ত্তনৰ পথ মুকলি হ’ব। এই যে নতুন জীৱন আৰু নতুন জয়-যাত্ৰাৰ আকুল হেপাহ ইয়েই সমূহ জনতাক মৃত্যুক নগনি আগবাঢ়ি যাবলৈ শক্তি যোগাইছিল।

নিষ্ফল শাসন

যোৱা চাৰি বছৰে, দেশত যি ঘটিছে সি জনতাৰ সকলো আশাৰ মূৰত কুঠাৰাঘাত কৰিছে। জনতাই বহুত আশা কৰিছিল কিন্তু তাৰ তুলনাত পাইছে সামান্য। দেশজুৰি দেখা দিয়া হতাশা আৰু উদাসীনতাৰ এই ব্যৱধানেই মূল কাৰণ।