পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭

ধৰিব লাগিব। ক’অপাৰেটিভ বেঙ্ক শস্যভঁৰাল, গুদামঘৰ আদর্শ কৃষিপাম আদিৰ যোগে ৰাষ্ট্ৰই খেতিয়ক সহায় কৰিব। তদুপৰি গোটেই প্রশাসনীয় ব্যৱস্থাৰ এনেভাৱে সলনি কৰা হ'ব, যাতে তাৰ দ্বাৰা খেতিয়কে বেচি সুবিধা পায়। এই প্রশাসনীয় ব্যৱস্থা কেনে হ'ব তাক তলত ব্যাখ্যা কৰা হৈছে ।

পতিত মাটি আবাদ কৰা, মাটিৰ খহনীয়া বন্ধ কৰা, যথাযোগ্য জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত থাকিব । এই ক্ষেত্ৰত অন্নসেনা বাহিনী আৰু ভূমিসেনা বাহিনীয়ে বিশেষ ভাৱে কাম দিব। এই দুই বাহিণীৰ জৰিয়তে গাইগুটীয়া কাৰ্য্যক সহীয়া প্ৰচেষ্টালৈ পৰিণত কৰিব পৰা হব।

যাতে নগৰৰ স্বাৰ্থত গাৱৰ ওপৰত শোষণ চলিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰই চকু দিব। সেই অর্থে কৃষিজাত আৰু শিল্পজাত বস্তুৰ দামৰ সমতা স্থাপন কৰা হ'ব৷

ভূমিস্বত্ত্ব

এই আটাইবোৰ কামেই মাটিৰ মালিকানা সম্পর্কীয় ধাৰণাৰ বৈপ্লবিক পৰিবৰ্ত্তন আনিব । একোডোখৰ মাটি নিম্নতম আকাৰতকৈ সৰু নোহোৱা কৰিবৰ হলে হস্তান্তৰ কৰিব পৰা ক্ষমাতাৰ ওপৰতো হস্তক্ষেপৰ আৱশ্যক হব। জমিদাৰী উচ্ছেদৰ অৰ্থই হব মাটি দিয়া প্ৰথাৰ অন্ত