পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬

কৃষি-বনুৱাসকলে নিজৰ সংগঠন কৰিবৰ সকলো সুবিধা দিয়া হ'ব আৰু তেওঁলোকৰ অধিকাৰ আৰু স্বার্থসমুহ আইনযোগে সংৰক্ষিত হ'ব।

গাৱঁলীয়া-দাসত্ব

গাৱঁৰ ভিতৰত বহুতো মানুহ লোকৰ বহতীয়া হৈ থাকিব লগীয়া হৈ আছে ৷ এওঁলোকৰ সমস্যা আৰু গুৰুতৰ। এই সমস্যাৰ সমাধানৰ বাবে আইন প্রণয়ন আৰু বিভিন্ন চুক্তি দৰ্কাৰ হ’ব । কিন্তু অকল আইন বা চুক্তিয়েই অৱস্থা ভাললৈ আনিব নোৱাৰে ৷ এই দাসত্বৰ ঘাই কাৰণ হ'ল ধাৰ। ধাৰত মাৰি এওঁলোকে লোকৰ ঘৰত বহতীয়া হৈ থাকিব লগা হয়৷ এওঁলোকক মুক্ত কৰিবলৈ হ'লে এই ধাৰৰ পৰ৷ মুক্ত কৰি লাগিব আৰু স্বাধীন ভাৱে উপাৰ্জ্জন কৰিবৰ বাট মোকলাই দিব লাগিব। মুক্তিৰ প্ৰাথমিক ব্যৱস্থা হিছাপে জমিদাৰী উচ্ছেদৰ পাচত জমিদাৰৰ মাটিত এওঁলোকক বহুৱা হব । নামমাত্র দাসত্বপ্ৰথা ৰখাটোও আইনমতে দণ্ডনীয় হ'ব ।

ৰাষ্ট্ৰ আৰু কৃষি

খেতিয়কৰ সমুখত থকা নানাপ্ৰকাৰৰ বিঘিনি গুছোৱাত ৰাষ্ট্ৰৰ সহায় লাগিব । এই বিষয়ত ভাল সাৰ, বীজ খেতিৰ সজুঁলি, বেচা-কিনাৰ সুবিধা, কমসূদত ধাৰ, কাৰী-কৰী বিদ্যাৰ শিক্ষা, গবেষণাকেন্দ্র আদিৰ যোগান ৰাষ্ট্ৰৰ