পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

কৃষি-বনুৱা

আমাৰ গাওঁবোৰত কাম কৰি খোৱা মানুহৰ সংখ্যা বহুত আছে। এই কৃষি বহুৱাৰ সমস্যাটো ঘাইকৈ হ’ল জোখাৰে কমি নোহোৱাৰ পৰা উদ্ভব হোৱা সমস্যা। তেওঁলোকৰ কাৰণে গোটেই বছৰটোৰ বাবে কাম নহয়গৈ; গতিকে সৰহভাগ সময় এনেয়ে কটাব লগা হয়। গতিকে যাতে এওঁলোকৰ বাবে গোটেই বছৰটোত কাম ওলায় তাৰ ব্যৱস্থা কৰিব লাগিব। সেইবাবে পানী যোগান দি আৰু আন আন উপায় উলিয়াই বছেৰেকত এটা খেতিৰ ঠাইত দুটা খেতি কৰাৰ ব্যৱস্থা হ'ব । তদুপৰি সৰু-সুৰা গাৱঁলীয়া শিল্পৰ যোগে নতুন কাম ওলাব । গাওঁবিলাক মাত্র খেতিয়কৰ সমাজ হৈয়েই নেথাকিব। গাৱঁলীয়া শিল্প স্থাপন হ'ব আৰু আনকি ডাঙৰ ডাঙৰ শিল্পৰ বিকেন্দ্রীকৰণ কৰি গাৱঁত পতা হ'ব। কিছুমান উদ্যোগ গাৱঁলীয়া কাৰিকৰৰ বাবে আছুতীয়াকৈ ৰখা হ’ব; সেইবোৰত বৰ বৰ শিল্প অনুষ্ঠানে হাত দিব নোৱাৰিব । আলি-পদুলি বন্ধা আৰু মেৰামতি কৰা, জান- খন্দা আদি কামত কৃষি-বনুৱাই কাম কৰিব কৃষি-বনুৱাসকলৰ ঘৰ-বাৰীৰ সংৰক্ষণৰ বাবে আইন থাকিব ।

এইদৰে সকলো প্ৰকাৰে চেষ্টা কৰা হ’ব যাতে কৃষি- বনুৱাসকলৰ উপাৰ্জ্জন বৃদ্ধি হয় আৰু তেওঁলোকে ভালদৰে জীৱন-নিৰ্ব্বাহ কৰিব পাৰে ।