পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমবায়

ওপৰত কোৱা ভূমিসংস্কাৰ হোৱাৰ পাচতো হাতত জোখেবে মাটি নোহোৱা বহুত খেতিয়ক বাকী থাকিব৷ এনে- কুৱা ক্ষেত্ৰত মাটিৰ উৎপাদন নিচেই কম হৈ থাকিব, কিয়নো তেনেকুৱা এচমকা মাটিত খেতিয়ক জনে উন্নত ধৰণেৰে খেতি কৰিব নোৱাৰিব। গতিকে এনে খেতিয়কে সমবায় পদ্ধতিৰে খেতি কৰিব লাগিব । এনে খেতিয়ক সকল সমবায় যোগে লগ লাগিবৰ বাবে ছবকাৰৰ তৰফৰ পৰা সাহায্য আৰু উৎসাহ দিয়া হ'ব ৷

সৰহীয়া মাটিথকা খেতিয়ক সকলকো বহুমুখী সমবায় পাতিবলৈ উৎসাহ দিয়া হ'ব, যাতে সেই সমবায়ৰ যোগে ভাল সঁচৰ যোগান ধৰিব পাৰে, ভাল সাৰ দিব পাৰে পানী যোগানৰ ব্যৱস্থা কৰিব পাৰে আৰু গাৱঁৰ উৎপন্ন দ্ৰব্যৰ বেচা-কিনাৰ সুবিধা কৰিব পাৰে। লগে লগে যুটীয়া ভাৱে খেতিকৰাৰ বাবেও দিহা দিয়া হ’ব । এইদৰে গাৱঁৰ অৰ্থনৈতিক গাঁথনিব ভেটি হ’ব সমবায় । ইয়াৰ যোগে খেতিয়কৰ উৎপাদন ক্ষমতা আৰু উপার্জ্জন দুইটা বাঢ়িব।

যিবিলাক পতিত মাৰ্ট উদ্ধাৰ কৰা হ’ব সেইবোৰত ছৰকাৰী সাহায্যত আৰু অন্নসেনাবাহিণীৰ জৰীয়তে যৌথফার্ম পতা হ'ব। মাটিহীন খেতিয়কসকলে এই ফার্মতে ঘৰ দুৱাৰ সাজি থাকিব আৰু কাম কৰিব ।