পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

ৰুদ্ধশক্তি মুক্ত কৰিব লাগিব। মাটিৰ পুনৰ বিতৰণ নহয় মানে খেতিয়কে নতুন শক্তি নাপায়। ছ’চিয়েলিষ্ট পার্টিয়ে মাটিৰ পুনৰ বিতৰণ এনেদৰে কৰিব যাতে কোনো খেতিয়ক পৰিয়ালে ৯০ বিঘাৰ বেচি মাটি (সাধৰণ বিধৰ) নাপায় আৰু যি নিজে খেতি কৰাত অংশগ্ৰহণ নকৰে তেওঁ মাটি নাপায় । যি খেতি কৰে তেওঁহে মাটিৰ মালিক হ’ব পাৰিব। খেতিয়ক আৰু ছৰকাৰৰ মাজতে থাকি বহি খোৱা শ্ৰেণী তুলি দিয়া হ'ব ।

যিসকলৰ হাতত এতিয়া ৯০ বিঘাৰ ওপৰৰ পৰা ৩০০ বিঘালৈ মাটি আছে তেওঁলোকৰ পৰা সেই ৯০ বিঘা বাদ দি বাকীখিনি লৈ অহা হ'ব আৰু মাটিহীন খেতিয়কৰ মাজত সেইমাটি বিতৰণ কৰি দিয়া হ'ব । ৯০ বিঘাৰ ওপৰঞ্চি মাটিৰ, মূল্যৰ বাবদ দহবছৰলৈ তেওঁলোকে উচিত হাৰত বছেৰেকীয়া খাজনা পাব ৷ ৩০০ বিঘাৰ ওপৰঞ্চি মাটিৰ বাবে কোনো খাজনা আদি নাপায়। লগে লগে মাটি বিতৰণ কৰোঁতে এইটোও চোৱা হ’ব যাতে প্রত্যেক খেতিয়ক পৰিয়ালে ভৰণ-পোষণৰ জোখাৰে শটি পায় অর্থাৎ যিখিনি মাটিত খেতি কৰি সেই পৰিয়ালে ভালমতে জীৱন নিৰ্ব্বাহ কৰিব পাৰে সিমান মাটি পাব। মাটি বিতৰণ কৰাৰ লগে লগে এচমকা মাটিকে টুকুৰা-টুকুৰকৈ কেবাজনেও ভগাই লোৱা প্ৰথা বন্ধ হ’ব।