পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২


নিদিয়াকৈ জমিদাৰী উচ্ছেদ কৰিব। অৱশ্যে যিবোৰ নামমাত্র জমিদাৰ সেইবিলাকক জীৱিকা-নিৰ্ব্বাহৰ জোখাৰে কিছু ধন দিয়াৰ ব্যৱস্থা থাকিব ।

অকল জমিদাৰী উচ্ছেদ কৰিলেই মাটিৰ সমস্যাৰ সমাধান নাইবা গাওঁ অঞ্চলত সামাজিক ন্যায় প্রতিস্থাও নহয়। লাখ লাখ মাটি-বাৰী নাইকীয়া খেতিয়কে যি লোকৰ মাটিত খেতি কৰে উৎপাদন কৰাত আৰু উৎসাহেৰে কামত লগাত প্ৰেৰণা যোগাবলৈ হ'লে অকল জমিদাৰী উচ্ছেদ কৰিলেই একো নহয় ৷ গতিকে সকলো খেতিয়কে খেতি কৰা মাটিৰ ওপৰত স্বত্ত্ব পাব আৰু সেই মাটিৰ পৰা কোনেও খেতিয়কক উচ্ছেদ কৰিৰ নোৱাৰিব ৷

জমিদাৰী উচ্ছেদৰ পাচতো জমিদাৰী থকা অঞ্চলত কোনোৱে হয়তো শ শ বিঘাৰ, আৰু কোনোৱে মাত্র ৫।৬ বিঘা মাটিৰ গিৰিহঁত হৈ থাকিব। খেতিয়ক শ্ৰেণীৰ ভিতৰতে কম সংখ্যক চহকী খেতিয়ক ওলাব যাৰ হাতত হেজাৰ পূৰা মাটি থাকিব। আকৌ ভাতে মধ্যমীয়া শ্ৰেণীৰ আৰু তেনেই দুখীয়া শ্ৰেণীৰ খেতিয়কো থাকিব আৰু আধিখোৱা—মৰকীয়া খোৱাও ওলাব । এনে অৱস্থা যে জমিদাৰী থকা অঞ্চলতে হ’ব এনে নহয়; ৰায়ত্‌ৱাৰী অঞ্চলতো এনেকুৱা অৱস্থা আছে। এনে অৱস্থা কোনোপধ্যই থাকিব নোৱাৰে। সামাজিক ন্যায় প্রতিস্থা আৰু আৰ্থিক সমতা স্থাপন কৰিবলৈ ছ'চিয়েলিষ্ট পার্টি দৃঢ়- প্রতিজ্ঞ। সেই উদ্দেশ্য সাধনৰ বাবেই হেজাৰ-বিজাৰ খেতিয়কৰ