পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)


দাম নির্ণয় কৰোঁতে সমতা আৰু সামঞ্জস্য ৰাখিহে কৰা হ'ব ৷ নিয়ন্ত্ৰনৰ ক্ষেত্ৰটো সেইদৰে এৰা ধৰা বা এঠাইত নিয়ন্ত্রন কৰি এঠাইত নকৰা ব্যবস্থা নাথাকে। উৎপাদন-বিতৰপ দুয়ো- ক্ষেত্ৰতে ৰেহা লগাই নিয়ন্ত্ৰন কৰা হ'ব। ধান সংগ্ৰহ কৰোঁতে গাওঁ-পঞ্চায়তৰ যোগেদিহে হ’ব, গাইগুটীয়াকৈ নহয় ৷ বিতৰণ কৰ৷ হ’ব গাৱেঁ গাৱেঁ স্থাপন কৰা উচিত-মূল্যৰ দোকান আৰু সমবায় সমিতিৰ যোগে ৷ যেতিয়া এই ব্যৱস্থা-সমূহ লোৱা হ'ব তেতিয়াহে ৰাইজে সৰহ শস্য উৎপাদনৰ বাৰে প্ৰেৰণা পাব—খাদ্য সামগ্ৰী আৰু আন আৱশ্যকীয় বস্তুৰ অধিক উৎপাদন হ'ব ৷

মাটিৰ পুনৰ বিতৰণ

জমিদাৰী উচ্ছেদৰ কথাটো ভূমিসংস্কাৰৰ পথৰ প্ৰথম খোজহে ৷ মিদাৰী উচ্ছেদে দেশৰ তিনিভাগৰ এভাগ মানুহকে চুব। কংগ্ৰেছে এই প্রথম খোজ লওঁতেই লওঁ-নলওঁকৈ লৈহে আৰু তাকো ভুলকৈ লৈহে। গাইগুটীয়া সম্পত্তিৰ স্বত্ত্ব আৰু দাবী সমূহ ৰক্ষা কৰিবলৈ কংগ্ৰেছৰ ইমানেই আগ্রহ যে কংগ্ৰেছ চৰকাৰে জমিবাৰ শ্ৰেণীক অজস্ৰ ক্ষতিপূৰ্ণ দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু ক্ষতিপূৰণ দিয়াৰ লগে-লগেই জমিদাৰী উচ্ছেদ অর্থহীন হৈ পৰিছে । দেশৰ ৰাজহৰ অৱস্থাৰ পিনৰ পৰা চালে ক্ষতিপূৰণৰ ব্যৱস্থাই দেশক কঙাল কৰিব। লোকৰ ওপৰত বহি খাই লাখ-লাখ টকাৰ সম্পত্তিৰ অধিকাৰী হ'বলৈ জমিদাৰ শ্ৰেণীৰ কোনো স্বত্ত্ব নাই। সেইকাৰণে ছ'চিয়েলিষ্ট পাৰ্টিয়ে কোনো ক্ষতিপূৰণ