পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০

প্ৰথমটো কৰিবলৈ এদল ভূমি-সেনা তৈয়াৰ কৰা হ'ব । সেই দলটোৱে গাৱঁত নাদ-পুখুৰী খন্দা, জ্ঞান-নলা চাফা কৰা, মথাউৰি বন্ধা ইত্যাদি কাম কৰিব। ছৰকাৰে এই ভূমি-সেৱক দলক আৱশ্যকীয় শিক্ষা দিব আৰু যন্ত্ৰ-পাতিৰ যোগান ধৰিব। ভূমিসেৱক সকলেই যন্ত্ৰ-পাতি ব্যৱহাৰৰ নতুন প্ৰণালীৰ বাট দেখুৱাই দিব।

দেশত সিচৰিত হৈ থকা পতিত মাটিৰ পৰিমাণ প্রায় ৩৫ কোটি বিঘা হ'ব। এইখিনি মাটি খেতিত লগাবলৈ ছৰকাৰে এটা অন্নসেনা বাহিণী তৈয়াৰ কৰিব। গাৱঁৰ মাটিহীন আৰু দুখীয়া খেতিয়ক সকলক লৈ এই বাহিণী গঠিত হ'ব। এই বাহিণীয়ে গাৱঁৰ পিতনি আদি অঁতবি, নলা খান্দিব, হাবি কাটিব আৰু এইবোৰ কৰি-মেলি, অঁতাই- পিত্তাই লোৱা মাটিত বসতি কৰিব। এই ভূমি-সেৱক দল আৰু অন্নসেনা বাহিণীত গাৱঁৰ ডেকাসকলে নতুন আশা- উদ্দীপনাৰ সন্ধান পাব । তেওঁলোকেই তাৰ মাজেদি সহযোগী মনোভাব গঢ়ি তুলিব, সামাজিক শিক্ষা বিস্তাৰ কৰিব আৰু ভৱিষ্যত্তৰ উন্নত গাৱঁৰ ভেটি বান্ধিব। আমি ইয়াত যিবোৰ ভূমি-সংস্কাৰৰ প্রস্তাব কৰিছোঁ সেইবোৰেই ডেকাদলক এনে গাওঁ-সংগঠনৰ কামলৈ আগবাঢ়ি যাবলৈ অনুপ্রেৰণা যোগাব।

খাদ্য-আঁচনি

কোনবিধ শস্যৰ কিমান থেতি হ'ব তাক পৰিকল্পনাৰ যোগে ঠিক কৰা হ'ব! শিল্পজাত বস্তু আৰু কৃষিজাত বস্তুৰ