পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আমি কি কৰিবলৈ বিচাৰোঁ

 স্বাধীনতা পোৱাৰ চাৰিবছৰৰ পিচত এইবাৰ প্ৰথম বাৰৰ কাৰণে সাধাৰণ নিৰ্ব্বাচন হ’ব। এই চাৰি বছৰে কংগ্ৰেছী শাসনে ৰাইজক ভালকৈয়ে শিকনি দিছে। বৰ্ত্তমান এই নিৰ্ব্বাচনৰ যোগেদি দেশৰ ভবিষ্যৎ বুৰঞ্জীৰ গতি নিৰ্ণয় কৰাৰ সুযোগ পাব বুলিয়েই জনতাই ইয়ালৈ আশাৰ চকুৰে চাইছে। এতিয়ালৈকে দেশৰ জনতাই কংগ্ৰেছী শাসনৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এনে সুবিধা পোৱা নাছিল।

দুশবছৰ কাল বিদেশী শাসনৰ তলত থকা কালছোৱাত ভাৰতৰ আৰ্থিক অৱস্থা বেয়াৰ ফাললৈ গতি কৰিলে আৰু সামাজিক ক্ষেত্ৰত জড়তাই ছাটি ধৰিলে। যি সময়ত আন স্বাধীন দেশসমূহ দোপত-দোপে উন্নতিৰ পথত আগবাঢ়িলে আৰু সেইবোৰ দেশত আৰ্থিক আৰু সামাজিক স্বাধীনতাই প্ৰসাৰ লাভ কৰিলে, সেই সময়ত পৰাধীন ভাৰতৰ আৰ্থিক অৱস্থা ক্ৰমাৎ বছৰে বছৰে বেয়া হৈ অহাৰ লগতে সামাজিক বৈষম্যৰ বোজা জনতাৰ ওপৰত বেচি গধূৰ হৈ পৰিছিল। দেশৰ শিল্পজাত দ্ৰব্যৰ উৎপাদন কমি আহিছিল, খেতিৰ অৱনতি হৈছিল, নিবনুৱাৰ সংখ্যা বাঢ়িছিল, আৰু দেশৰ সকলো সম্পদ এমুঠি দেশীয় মানুহ আৰু বিদেশী শাসকৰ