পৃষ্ঠা:আভাস কাব্য.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তিলোত্তমা।

 সুন্দ উপসুন্দ দুটা দুৰন্ত অসুৰ
ব্ৰহ্মাৰ বৰত যেৱে কৰি পৰাজয়
ইন্দ্ৰাদি অমৰ সবে; স্বৰ্গ কাঢ়ি ল’লা
দেৱতাৰ কৰি বহু দুৰ্দশা, বিলয়॥
সিকালত, তিলোত্তমা! দেৱগণে স’তে
ব্ৰহ্মাৰ কাষত গ’লা দেৱ পুৰন্দৰ,
বহু তুতিনতি কৰি, শুধিলা বিধিক
“কি উপায়ে হব ধ্বংশ দুষ্ট অস্থৰৰ।”
ধীৰে ধীৰে কলে বিধি চাই দেবেন্দ্ৰক
“সুন্দউ পসুন্দ দুটী সহোদৰ ভাই,
নহ’লে বিচ্ছেদ দুয়ো কোনো উপায়েৰে,
অমৰণ দুয়ো ভাই, কাৰো মৃত্যু নাই॥
সি কাৰণে, শচীপতি! বিশ্বকৰ্ম্মা আনি
তিল পৰিমাণে তেজ লই দেৱতাৰ
(সকলো ত্ৰিদিববাসী) নিৰ মোৱাঁ এটী
সুন্দৰী ৰমণী মূৰ্তি অপূৰ্ব্ব বিভাৰ॥
সেই ৰমণীৰ পৰা অমৰ সবৰ
অমৰত্ব হ'ব লাভ, স্বৰ্গৰ বিভৱ,

৫৬