পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
আবিষ্কাৰ


কেনেকৈ সম্পাদন কৰিব তাৰ কোনো ভাল ব্যৱস্থাৰ কথা সমূলি নাভাবে। সেই কাৰণে মই ভূঞাৰ প্ৰস্তাবটো সাদৰে সমৰ্থন কৰোঁ। যদিও সমিতি পতা হৈছে, তথাপি ইয়াৰ স্থায়িত্ব নিৰ্ভৰ কৰে পুঁজি আৰু কৰ্ম্মীৰ ওপৰত। সেই কাৰণে মই সকলো সমজুৱাকে অনুৰোধ জনাওঁ যেন সকলোৱে সমিতিৰ সভ্য় ভুক্ত হোৱাৰ উপৰিও শক্তি অনুযায়ী দান আগ বঢ়ায়। তাৰ সামান্য পাতনি স্বৰূপে মই এই পাঁচশ টকা আগ বঢ়ালোঁ।”
 ৰায় চাহাবে পাঁচ শ টকাৰ নোট তেতিয়াই সম্পাদকৰ হাতত অৰ্পণ কৰিলে। তাকে দেখি আন সমজুৱা দুই চাৰি জনেও দুই-এটকাকৈ আগ বঢ়ালে আৰু বহুতে সাধ্য অনুসৰি দিবলৈ প্ৰতিশ্ৰুতি দিলে। মুঠতে সভাস্থলতে নগদ ছ শ টকা আৰু প্ৰায় বাৰ শ টকাৰ প্ৰতিশ্ৰুতি পোৱা গ'ল।
 সম্প্ৰতি মাধৱৰ ঘৰতে অস্থায়ী ভাবে কাৰ্য্য়ালয় আ শিবিৰ স্থাপনৰ সিদ্ধান্ত কৰাৰ পাচত সভাপতিয়ে এটি চমু বক্তৃতাৰে সভাৰ সামৰণি মাৰিলে! ৰায় চাহাবে সভাপতি আৰু সমজুৱাসকলক ধন্যবাদ জনালে। সভা ভঙ্গ হ'ল।
 তেতিয়া অলপ আন্ধাৰ হৈছিল। সভাৰ পৰা আহোঁতে বাটত মাধৱৰ আগে আগে যোৱা দুটা মানুহৰ কথা-বতৰা তেওঁৰ কাণত পৰিল।
 এটাই ক'লে,-“এই বলিয়াটো দেখছোঁ কম নহয়, ই ৰায় চাহাবৰ নিচিনা মানুহকো হাত কৰিলে।”