পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
সেৱা-সমিতি


 কিন্তু কোনেও তেওঁৰ কথালৈ কাণ নিদিলে। ৰায় চাহাবেও ক'লে,-“তোমাৰ আপত্তি অমূলক। তুমি ৰাজ- হুৱা কামৰ বাবে বেচি আজৰি উলিয়াব নোৱাৰিব পাৰা, কিন্তু আনে ঘৰুৱা জঞ্জালৰ বাবেই আজৰি নাপায়। তেনে স্থলত ইয়াত কোনো কেৱলীয়া ভকত নোলায়, যি অকল একেটা কামতে লাগি থাকিব পাৰে। তুমি যিমানখিনি পাৰা সিমানখিনি খাটিলেই যথেষ্ট হ’ব। তুমি কেতিয়াবা আঁতৰলৈ যাব লগা হ'লে বা কাম চলাব নোৱাৰিলে সহকাৰী- জনৰ ওপৰত ভাৰ দিলেই চলিব। মুঠ কথা, প্ৰথম অৱস্থাত তুমি ইয়াৰ দায়িত্ব নল'লে, একোবেই নহব।”
 মাধৱ অগত্যা সম্পাদকৰ বাব লবলৈ সম্মত হল।
 তেতিয়া বাকী কাৰ্য্য়কাৰক কেইজনো সৰ্ব্বসম্মতিক্ৰমে নিৰ্ব্বাচিত হ'ল।
 মাধৱে ক'লে,-“আপোনালোকক আগেয়ে কৈছোঁ আৰু নিয়মাৱলীৰ পৰাও বুজিছে, এই অনুষ্ঠানৰ মূলত ধনৰ প্ৰয়োজন। বেচি বাগাড়ম্বৰলৈ নগৈ মই প্ৰস্তাৱ কৰোঁ, আপোনালোকে এই সভাস্থলতে এটা পুঁজিৰ ব্যৱস্থা কৰক।”
 প্ৰস্তাবটো অধিকাংশ সমজুৱাই ভাল পোৱা নাছিল; ৰায় চাহাবে কথাটোৰ গম ধৰিছিল। তেওঁ উঠি ক'লে,-“আমাৰ সভা-সমিতিবোৰৰ এই দোষটো সদায় দেখা যায় যে সভ্য- সকলে কেইজনমান মানুহৰ ওপৰত কিছুমান কাৰ্য্য়ৰ ভাৰ দি ঘৰাঘৰি গুচি যায়, কিন্তু সেই কাৰ্য্য় সেই মানুহ কেইজনে