প্ৰয়োজন দেখিলে তাৰ লৰচৰ ঘটাব পাৰি। তাক পৰীক্ষা
কৰি শেষ সিদ্ধান্ত কৰাৰ ভাৰ কাৰ্য্য়-নিৰ্ব্বাহক সমিতিক দিয়া
হওক।”
সকলোৱে তাতে হয় দিলে। সৰহভাগ সমজুৱাই এনে
বোৰ বিষয়ত মূৰ ঘমোৱাতকৈ কাৰবাৰ ওপৰত ভাৰ দি নিজে
সাৰিব পাৰিলেই ৰক্ষা পায়। গতিকে প্ৰস্তাবটো ততালিকে
গৃহীত হ'ল।
তাৰ পাচত এঘাৰ জন সমজুৱাৰে এখন কাৰ্য্য়-নিৰ্ব্বাহক
সভা গঠিত হ'ল। অৱশ্যে এই তালিকাত ৰায় চাহাব আৰু
মাধৱৰ নাম প্ৰথমেই সোমাইছিল। সৰ্ব্বসম্মতিক্ৰমে ৰায়
চাহাব নিগাজী সভাপতি নিৰ্ব্বাচিত হ’ল। তাৰ পাচত
সম্পাদকৰ বাছনি। এজন সমজুৱাই মাধৱৰ নাম প্ৰস্তাব
কৰিবলৈহে পালে, ততালিকে সি সকলো সমজুৱাৰ হাত-
তালিৰে সমৰ্থিত হ'ল। মাধৱে ক'লে,-“আপোনালোকে
মৰম আৰু বিশ্বাস কৰি মোক এই ভাৰ দিয়াত আপোনালোকক
ধন্যবাদ জনাওঁ, কিন্তু দুখৰ বিষয় এই কাৰ্য্য়ত যেনে একাণ,
পতীয়া ভাবে লগাৰ প্ৰয়োজন তেনেকৈ লাগিবলৈ মোৰ আজৰি
নাই। আপোনালোকে জানে যে এনে ধৰণৰ বহুতো অনুষ্ঠান
এতিয়াও গঢ়িব লগা হৈয়েই আছে; মই আনবোৰ একেবাৰেই
বাদ দি ইয়াত লগা অসম্ভব। মই নিশ্চয় সাধ্য়মতে এই
অনুষ্ঠানত সাহায্য কৰিম, কিন্তু সম্পাদকৰ দায়িত্ব মোতকৈ
বেচি সময় আৰু সুবিধা থকা এজনক দিলে মই পৰম কৃতাৰ্থ হ'ম।”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
আবিষ্কাৰ