পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
সেৱা-সমিতি


আৰু তেওঁ সমিতিৰ নামে সকলো টকা বেঙ্কত জমা ৰাখিব। সম্পাদকে খৰচৰ বাবে পঞ্চাশ টকালৈকে হাতত ৰাখিব পাৰিব।
 ১৩। প্ৰাথমিক শুশ্ৰূষা আৰু জুই-ছাই নুমুৱাবৰ নিমিত্তে লাগতিয়াল সকলো আহিলা-পাতি সমিতিৰ ভঁৰালত থাকিব লাগিব।
 ১৪। বছেৰেকত এবাৰ সাধাৰণ সভা বহিব; প্ৰয়োজন হ'লে তাৰ বাহিৰেও বিশেষ সাধাৰণ সভা বহিব পাৰিব। বছৰেকীয়া অধিবেশনত সম্পাদকে বছেৰেকীয়া ৰিপোৰ্ট দাখিল কৰিব লাগিব। এই অধিবেশনতে কাৰ্য্য়কাৰকৰ সালসলনি ঘটিব। সভ্যসকলে ইচ্ছা কৰিলে পুৰণি কাৰ্য্য়- কাৰককো পুনৰ নিৰ্ব্বাচিত কৰিব পাৰিব।
 আঁচনিখন পঢ়া হ'লত মাধৱে ক'লে,-এই নিয়মবোৰ কৰিবৰ সময়ত সমিতিৰ এটা টনকিয়াল পুঁজি ধৰি লোৱা হৈছে। পুঁজিৰ জোখ কম হলে কামো সেই অনুপাতেহে হাতত ল'ব লাগিব।
 সভাপতিয়ে তেতিয়া এই নিয়মাৱলী-সম্পৰ্কে সমজুৱাৰ মতামত সুধিলে। এজন সমজুৱা উঠি ক'লে,-“নিয়মাৱলীত আপত্তি কৰিবলগীয়া একো নাই, তাক আমি সমৰ্থন কৰোঁ। কিন্তু তাৰ লগত আৰু কিবা যোগ-বিয়োগ হ'ব পাৰে নে নোৱাৰে ততালিকে কোৱা টান। সেই কাৰণে মই কওঁ, সম্প্ৰতি এই নিয়মবোৰ এই চৰ্ত্তত গ্ৰহণ কৰা হওক যাতে