৭। সমিতিৰ এটা স্বেচ্ছাসেৱক-বাহিনী থাকিব। তেওঁ-
লোকৰ সকলোৱেই প্ৰাথমিক শুশ্ৰূষা সম্পৰ্কে শিক্ষা ল'ব
লাগিব। প্ৰত্যেক ৱাৰ্ডৰ স্বেচ্ছাসেৱকসকলৰ একো জন
সুকীয়া নায়ক থাকিব আৰু গোটেই বাহিনীৰ এজন অধিনায়ক
থাকিব।
৮। এই সমিতিৰ এখন কাৰ্য্য়ালয় থাকিব। তাৰ
লগতে জনচেৰেক স্বেচ্ছাসেৱক স্থায়ী ভাবে থাকিবৰ নিমিত্তে
এটি সেৱা-শিবিৰ থাকিব লাগিব।
৯। যিবিলাক স্বেচ্ছাসেবকে নিজ নিজ কাম কৰি
প্ৰয়োজন মতে সেৱা-কাৰ্য্য় চলাব, তেওঁলোকে সমিতিৰ পৰা
কোনো পৰিশ্ৰমিক নাপায়। কিন্তু যিসকলে সেৱা-শিবিৰত
স্থায়ীভাবে থাকি কাম কৰিব তেওঁলোকৰ খৰচ সমিতিয়ে বহন
কৰিব। স্থায়ী স্বেচ্ছাসেৱকসকলে আজৰি সময়ৰ সদ্ব্যৱহাৰ
কৰিবলৈ শিবিৰৰ লগতে কিছু খেতি কৰিব পৰা মাটি থাকিব
লাগিব। তাৰ বাহিৰেও নিজ নিজ অভিৰুচিমতে হাতৰ
কাম কৰিবলৈ সুযোগ পাব লাগিব।
১০। কামৰ সময়ত স্বেচ্ছাসেৱকসকলে সমিতিৰ “বেজ”
পিন্ধিব লাগিব। প্ৰতি সপ্তাহতে তেওঁলোকৰ এদিনকৈ
“পেৰেড” হ’ব।
১১। এই সমিতিৰ তত্ত্বাৱধানত এখন অনাথ আশ্ৰম থাকিব।
১২। সমিতিৰ এটা ডাঙৰ পুঁজি বৰঙণি তুলি স্থাপন
কৰিব লাগিব। তাৰ হিচাপ ধন-ভঁৰালীৰ হাতত থাকিব
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
আবিষ্কাৰ
