পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
সেৱা-সমিতি


 ২। ইয়াৰ উদ্দেশ্য হ’ব নি:স্ব, পীড়িত, অনাথ আৰু মৃতকৰ সেৱা-কাৰ্য্য়।
 কোনো আকস্মিক দুৰ্ঘটনাত সাহায্য কৰা, ক'ৰবাত জুই লাগিলে তাক নুমুওৱাও সমিতিৰ কৰ্ত্তব্যৰ ভিতৰত পৰিব। সমিতিৰ অৱস্থা টনকিয়াল হ'লে অন্যান্য সেৱা কাৰ্য্য়ও হাতত লব পাৰিব আৰু তাৰ পৰিসৰো বঢ়াব পাৰিব। কোনো সাম্প্ৰদায়িক নাইবা ৰাজনৈতিক অনুষ্ঠানৰ লগত পোন পটিয়ে ইয়াৰ সংশ্ৰৱ থাকিব নোৱাৰিব।
 ৩! জাতি-বৰ্ণ ধৰ্ম্মনিৰ্ব্বিশেষে যি কোনো মানুহেই এই সমিতিৰ সদস্য হ'ব পাৰিব।
 ৪। সমিতিৰ সভ্য সকলে ভৰ্তি মাচুল এটকা আৰু মাহে চাৰি অনাকৈ বৰঙণি দিব লাগিব। একেৰাহে ছমাহ বৰঙণি আদায় নকৰা লোকৰ নাম সভ্য শ্ৰেণীৰ পৰা বাদ পৰিব।
 ৫। এই সমিতিৰ এজন সম্পাদক, এজন সহকাৰী সম্পাদক, এজন ধন-ভঁৰালী আৰু এজন নিগাজী সভাপতি থাকিব লাগিব। এওঁলোকৰ কাৰ্য্য়কাল এবছৰ হ’ব।
 ৬। সমিতিৰ এখন কাৰ্য্য় নিৰ্ব্বাহক সভা থাকিব। সেই সভা যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সম্পাদকে আহবান কৰিব পাৰিব, অন্ততঃ মাহে এবাৰ পাতিব’ই লাগিব। সেই সভাৰ সভ্য সভাপতি আৰু সম্পাদকেৰে সৈতে হ’ব এঘাৰজন। সভাপতিৰ বাহিৰে আৰু পাঁচজন সভ্য উপস্থিত থাকিলেও সভাৰ কাৰ্য্য চলিব পাৰিব।