দ্বাদশ অধ্যায়।
-সেৱা-সমিতি—
ৰায় চাহাব জগদানন্দ বৰকাকতীয়ে মাধৱৰ ওচৰত দিয়া
প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। পিছ দিনাই তেওঁ এখন সভা
আহ্বান কৰিলে। ৰায় চাহাব নগৰৰ ভিতৰত প্ৰতিপত্তি
থকা এজন মুখিয়াল মানুহ। তেওঁৰ আহ্বানত যে যথেষ্ট
সমজুৱাই যোগ দিব তাত সন্দেহ নাই। অৱশ্যে সকলো
কাৰ্য্য়তে পিচ হোঁহকা মৰা এদল মানুহ আছে। তেওঁলোক
গোহালিত ছৰ্দতীয়া। লোকে কোনো কাম কৰা দেখিলে
তেওঁলোকে ঘৰত বহি সমালোচনা কৰে, কিন্তু নিজে কেতিয়াও
কোনো কাম হাতত নলয়। তেনে বিধৰ মানুহক কোনো
ৰাজহুৱা অনুষ্ঠানতে পোৱা নাযায়। তেওঁলোক আজিৰ
সভাতো উপস্থিত নাছিল।
যথাৰীতি সভা আৰম্ভ হ'ল। উপস্থিত সমজুৱাৰ পৰাই
এজনক সভাপতিৰ বাব দিয়া হ'ল। ৰায় চাহাবে সভাৰ
উদ্দেশ্য পৰিপাটীকৈ সমজুৱাসকলক বুজাই দিলে। সভাপতিৰ
আদেশমতে ভূঞাই তেওঁৰ আঁচনি দাঙি ধৰিলে :—
.
১। এই সমিতি গুৱাহাটী সেৱা-সমিতি নামে অভিহিত হ’ব।