পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
অনুৰোধ নহয়,আদেশ


আজি তেওঁ নিজে উপযাচি মোৰ কাৰ্য্য়ত পৃষ্ঠপোষকতা কৰিবলৈ আগ বাঢ়িছে; আন নালাগে, নিজে গুৰিয়াল হৈ এখন সেৱা-সমিতি স্থাপন কৰিবলৈ গাত লৈছে। মোৰ অপমানৰ ইয়াতকৈ ডাঙৰ ক্ষতি-পূৰণ মই নিবিচাৰোঁ।
 প্ৰতিমা। আজিৰ ঘটনাৰ পৰিণতি বেয়া নহ'ব পাৰে, কিন্তু মই জীয়াই থকাৰ যি পৰিণতি হ'ব, সি বেয়াৰ বাহিৰে ভাল হ’ব নোৱাৰে।
 মাধৱ। মিছামিছি তৰ্ক নকৰিবা। তোমাৰ ইচ্ছামতেই মই তোমাৰ অভিভাৱক হৈছিলোঁ। সেই মতেই ময়ো তোমাক চলাব লাগিব, তুমিও মোৰ নিৰ্দ্দেশমতে চলিব লাগিব। মোৰ আদেশ,—অনুৰোধ নহয় আদেশ, তুমি তোমাৰ কৰ্ত্তব্য কৰি যোৱাঁ। লোকে কি ভাবিছে, কি কৈছে তালৈ সমূলি মন-কাণ নিদিবা। তোমাৰ অৱস্থাৰ সম্পৰ্কে যেয়ে যিহকে কয় কওক, তুমি বাদ প্ৰতিবাদ নকৰি নীৰৱে থাকিবা।
 প্ৰতিমা। তেতিয়া হ'লে সকলোৱে আপোনাৰ বদনাম—
 মাধৱ! মোলৈ বদনাম সদনাম একে কথা। মই জানো কাম, নৰনাৰায়ণৰ সেৱা; লোকৰ সমালোচনাত কাণ দিবলৈ মোৰ আজৰি নাই। তুমিও তোমাৰ কামত আশাশুধীয়া ভাবে লাগি যোৱাঁ। অতীতৰ কথা ভাবি সময় নকটাবা, আৰু অনৰ্থক বলিয়ালি নকৰিবা। কৰ্ত্তব্য পৰায়ণতাই হে তোমাৰ ভবিষ্যৎ সুন্দৰকৈ গঢ়িব পাৰিব।
 এই দৰে কৈয়েই মাধৱ ঘৰলৈ গ'ল। প্ৰতিমা বহুত পৰলৈকে একে ঠাইতে থৰ লাগি থাকিল।