পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
আবিষ্কাৰ


 প্ৰতিমা। কিন্তু মোৰ বৰ্ত্তমান অৱস্থাত জীৱনতকৈ মৃত্যুত বেচি শান্তি পাম। মই জীয়াই থাকিব লাগিলে মোৰ দুষ্কাৰ্য্যৰ ফল আপুনিও ভোগ কৰিব লাগিব। মানুহে তাৰ বাবে আপোনাকেই দায়ী কৰিব।
 মাধৱ। মোৰ গাত তেনে দায়িত্ব অৰ্পণ কৰি যদি সকলোৱেই শান্তি পায় আৰু তোমাৰো সম্মান ৰক্ষা পৰে তেন্তে তাত ক্ষতি কি?
 প্ৰতিমা। ক্ষতি বহুত। অনৰ্থক আপোনাৰ চৰিত্ৰৰ ওপৰত মানুহৰ সন্দেহ জন্মিব, আপোনাৰ ওপৰত বহুতৰ বিশ্বাস হেৰাব। আজিয়েই চাওক, মোৰ নিমিত্তেই আপোনাৰ কেনে কেলেঙ্কাৰীখন হ’ল।
 মাধৱ। সি একো নহয়, কৰ্ম্মফল। তোমাৰ মনত থাকিব পায় তোমাৰ নৰিয়াৰ সময়ত এই ৰায় চাহাবৰ বাৰীৰ পৰাই কাকো নোসোধাকৈ ডালিম আনিছিলো। সেই দিনা ধৰা নপৰিলোঁ, কিন্তু আজি চুৰ নকৰাকৈয়ে এক্ষন্তকৰ নিমিত্তে হলেও চোৰ নাম ল'ব লগা হ'ল। তাত মোৰ বেজাৰ নাই। সেই দিনা যি পাপ কৰিছিলোঁ আজি টকাখিনি উদ্ধাৰ কৰোৱাই তাৰ প্ৰায়শ্চিত্ত কৰিলোঁ। তদুপৰি আজিৰ ঘটনাটোত বেয়াতকৈ ভালৰ ভাগ বেচি। বেয়াৰ পৰাও যে ভাল হ'ব পাৰে আজি তাৰ প্ৰত্যক্ষ প্ৰমাণ পালোঁ। মোৰ কাৰ্য্য়ত সাহায্য কৰিবলৈ ইতিপূৰ্ব্বে ৰায় চাহাবক কেইবাবাৰো খাটিছিলোঁ, কিন্তু মোৰ সকলো প্ৰস্তাব তেওঁ উৰুৱাই দিছিল।