এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
একাদশ অধ্যায়।
—অনুৰোধ হয়, আদেশ—
থানাৰ পৰা মাধৱ পোনে পোনেই দোকানলৈ গ'ল
আৰু মথুৰাক মাতি দুখীয়াৰ খবৰ ল'লে। মথুৰাই ক'লে, –
তাৰ কথা সঁচা। মই তেতিয়াই বৰুৱা ডাক্তৰক লৈ তাৰ
ঘৰলৈ গলোঁ। কিন্তু কি হ’ব! তেতিয়া ৰোগিণীৰ অন্তিম
অৱস্থা। ডাক্তৰে কিবা এটা ইনজেকশন দিলে, কিন্তু তাৰ
পৰা একো ফল নহ'ল। অলপ সময়ৰ পাচতেই ৰোগিণীয়ে
চিৰবিদায় ল'লে।”
মাধৱে কান্দি পেলালে; মথুৰাক ক'লে,-“হয় তো
কোনো চিকিৎসাই কাম নিদিলেহেতেন! তথাপি যথাসময়ত
যে চিকিৎসা নহ’ল এইটো বৰ আক্ষেপৰ বিষয়। তাতোকৈ
দুখৰ কথা যে সি মোৰ ওচৰত সাহায্য বিচাৰি অহাৰ ফলত
নিজে পৰা শুশ্ৰুষাখিনিও কৰিব নোৱাৰিলে। তোমালোকে
ঘটনাৰ অতি-গুৰি নোলোৱাকৈ তাক আটক ৰাখি বৰ
অন্যায় কৰিলা। সি এই দুখ কেতিয়াও পাহৰিব নোৱাৰে।”