পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
ধনৰ মোনা


নোখোজাত নিজৰ শক্তিৰেই যি পাৰোঁ কৰি আছোঁ। আপুনি যেতিয়া সেই বিষয়ে ভাবিছে, আপুনিয়েই তাৰ গুৰি ধৰক। আপুনি এখন ৰাজহুৱা সভা আহ্বান কৰি এই সমিতি স্থাপন কৰক, আৰু তাতেই তাৰ পুঁজিলৈ এই দান আগ বঢ়াওক। তেতিয়া হ'লে আপোনাৰ পৰাই অনেও প্ৰেৰণা পাব।
 ৰা, চা। মই তেনে এখন সভা আহ্বান কৰিব পাৰোঁ, কিন্তু আন কাম সকলো তুমি কৰিব লাগিব। এই বিষয়ে তোমাৰ অভিজ্ঞতা আন সকলোতকৈ বেচি।
 মাধৱ। মোক যেতিয়াই বিচাৰে তেতিয়াই পাব।
 ইন্স্ পেক্টৰে সকলো সাক্ষীৰ জবানবন্দী লিখি লৈ কাম সমাধা কৰিলে। ৰঘুবীৰ আৰু পেটুৱাক থানালৈ নিবলৈ চিপাহী দুটাক হুকুম দি তেওঁ ৰায় চাহাবৰ মটৰেৰেই ভুঞাৰে সৈতে থানালৈ উলটিল। থানাত ইন্স্ পেক্টৰে ভূঞাক মিছাতে লটি-ঘটি কৰাৰ বাবে দুখ প্ৰকাশ কৰিলে। ভুঞাই ক'লে,- “সেই বাবে মোৰ বিশেষ দুখ নাই। কিন্তু যদি মই ইয়াত আবদ্ধ থকাৰ বাবে সেই মানুহটোৰ ঘৈণীয়েকৰ কিবা অঘটন ঘটিল, সেইটো দুখ সহজে পাহৰিব নোৱাৰিম।”
 তাৰ পাচত পিন্ধা কাপোেৰজোৰ ধোবাৰ হতুৱাই ধোৱাই পঠিয়াই দিম বুলি, নিজৰ কাপোৰ টোপোলা বান্ধি লৈ মাধৱে থানাৰ পৰা বিদায় ললে।