পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
আবিষ্কাৰ


লুকুৱাৰ পাৰিব। পিচে আকস্মিক ৰূপে ভূঞাৰ হাতত পৰাত তাৰ সাৰুৱা মূৰত ঘপ কৰে নতুন ফন্দী ওলাল। আমাৰ ভেবাৰাম দাৰোগাজনক সি ঠগিছিলেই। ঘটনাটোৰ তদন্ত মই নিজে হাতত নোলোৱা হ'লে আপোনাৰ টকাখিনি হেৰাল- হেতেন, আৰু ভূঞাই যদিও অব্যাহতি পালেহেতেন, তথাপি বহুত লটিঘটিৰ পিচত হে। ইফালে আচল চোৰে সেই সময়ৰ আগতে এই ঠাই এৰিলেহেতেন। সি অতি ধূৰ্ত্ত। আন নালাগে ভাত ৰান্ধিবলৈ পলম হ’ব বুলি মেকো ঠগিবৰ চেষ্টা কৰিছিল হে।”
 ৰায় চাহাবে ভূঞাৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰি ক'লে,- তুমি ঘটনাটেত জড়িত নোহোৱা হ'লে টকাখিনি গৈছিলেই; 'গতিকে ইয়াৰ অলপ সদ্ব্যৱহাৰ হোৱা উচিত। তুমি দৰিদ্ৰ-নাৰায়ণৰ সেৱাত জীৱন উচৰ্গা কৰিছা, কিন্তু তাৰ বাবে তোমাৰ নিজৰ উপাৰ্জ্জনৰ বাহিৰে আন কোনো পুঁজি নাই। মই কওঁ তোমাৰ হাতত এটা ৰাজহুৱা পুঁজি থকা উচিত। সেই পুঁজিৰ ভেটি-স্বৰূপে মই এই টকাৰ আধা পাঁচ শ তোমাৰ হাতত দিব খোজোঁ। আশা কৰোঁ গ্ৰহণ কৰিবা।”
 মাধৱ। তেনেকৈ গ্ৰহণ কৰাতকৈ মই আপোনাক আন এটা অনুৰোধ জনাওঁ। আমাৰ মাজত সেৱা-সমিতি এখন থকা অতি প্ৰয়োজনীয়। তাৰ এটা পুজি আৰু এটা স্বেচ্ছা- সেৱকবাহিনী থাকিব লাগিব। এই সম্পৰ্কে মোৰ আঁচনি কৰা আছে, কিন্তু কোনো মুখিয়াল মানুহে গা লাগি ধৰিব