পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
আবিষ্কাৰ


 ৰায় চাহাবৰ দুটা ল’ৰা আৰু দুজনী ছোৱালী। ডাঙৰটো লৰাই এম, এ, পাচ কৰি এতিয়া চব ডেপুটি কলেক্টৰ কাম কৰে। এতিয়া তেওঁ ডিব্ৰুগড়ত। যোৱা বছৰতে তেওঁৰ বিয়া হৈ গৈছে। সৰুটো লৰাই কলিকতাৰ কলেজত বি, এল, পঢ়ে। তেওঁৰ ডাঙৰজনী ছোৱালী বিয়া দি উলিয়াই দিয়া প্ৰায় দুবছৰ হৈছে। সৰুজনীয়ে স্কুলত পঢ়ে।
 মাজতে তেওঁৰ বৰপুতেক সস্ত্ৰাক ঘৰলৈ আহিছিল। যাবৰ সময়ত দুমাহমান থকাকৈ মাক আৰু সৰু ভনীয়েকক ভি- গড়লৈ লৈ গ'ল।
 এতিয়া ৰায় চাহাব ঘৰত অকলশৰীয়া। সেই কাৰণে তেওঁ তেওঁৰ পেটুৱা বোলা চাকৰটোক শোৱনি ঘৰতে বস্তু থকা খোটালীটোত শুবলৈ দিছে যাতে ৰাতি-বিয়লি প্ৰয়োজন হলে মাত মাতিলেই তাক পায়। শোৱাৰ আগতে ঘৰৰ দুৱাৰ-খিৰিকি এই পেটুৱাৱেই জপায়।
 ফুকনে ৰায় চাহাবৰ টোলটো চাই লৈ শোৱনি-ঘৰটো পৰীক্ষা কৰি চালে; চন্দুকটোৰ অৱস্থিতিও লক্ষ্য কৰিলে। তাৰ পাচত ওলাই আহি চ’ৰা ঘৰত বহি ৰায় চাহাবক সুধিলে,—“চন্দুকটো কিহেৰে মেলিছিল?”
 ৰা, চা। চাবিচৰ। চাবি তাতে লগোৱা আছিল।
 ফুকন। আপুনি চাবি ক’ত থৈছিল?
 ৰা, চা। হাত-বাকচৰ ভিতৰত।
 ফুকন। হাত-বাকচৰ চাবি একা?