পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

দশম অধ্যায়।

—ধনৰ মোনা—

 ৰায় চাহাবৰ টোলটো বৰ ডাঙৰ। ঘৰ কেইবাটাও, আৰু আটাইকেইটাই চকুত লগা। যিটো ঘৰৰ পৰা চোৰে ধন চুৰ কৰিছিল, সেইটো তেওঁৰ শোৱনি ঘৰ। ঘৰটোৰ খোটালী তিনটা। এটাত ৰায় চাহাব শোৱে। তেওঁ লিখা-পঢ়া কৰা। মেজ আৰু খত-পত্ৰ, টকা-পইচা থোৱা লোৰ চন্দুকটো এই খোটালীতে থাকে। এটাত তেওঁৰ গৃহিণী আৰু সৰু ছোৱালী- জনী শোৱে। বাকীটোত কাপোৰ-কানি, প্ৰসাধন সামগ্ৰী, ড্ৰেচিং টেব্ ল, চিলাই-কল, হাৰ্ম্মোনিয়ম আদি থোৱা হয়। বাকীকেইটা ঘৰ চাকৰ, ৰান্ধনি, আলহী আদিয়ে অধিকাৰ কৰে। চ’ৰা ঘৰটোও বৰ পৰিপাটী। তাত দামী দামী মাচিয়া, ফুলদানি আদি গঢ় লগাই সজাই থোৱা আছে। বাৰত মনোৰম ছবি বহুতো। ভিতৰ ফালে ভঁৰাল ঘৰ, গোহালি ঘৰ আদিও আছে। সম্মুখৰ ফুলনিখনত নানা তৰহৰ ফুলৰ উপৰিও ডালিম, বেল, নেমু আদি গছ দেখা যায়। টোলৰ ভিতৰতে থকা কেইটামান সৰু ঘৰত কেইজনমান বনুৱা থাকে।