পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
আবিষ্কাৰ


থাকি মেহেঙা-মেহেঙিকৈ তাৰ পৰা আঁতৰ হ’ল। মাধৱৰ প্ৰতি তেওঁৰ যি ধাৰণা আছিল, সি যে ভুল তাক এই ঘটনাই প্ৰমাণ কৰি দেখুৱালে।
 ইয়াৰ পাচত ইন্সপেক্টৰ ফুকন সদলে নৈৰ পাৰলৈ গ'ল ৰায় চাহাবৰ কাষ চাপি ৰঘুবীৰে ক'লে,-“হুজুৰ, মোক যাবলৈ দিয়ক, নহ'লে ৰন্ধা-বঢ়াত পলম হ'ব।”
 ৰায় চাহাবে মাতিবলৈ নৌ পাওঁতেই ফুকনে ক'লে,- “হওক পলম, এতিয়া যাব নোৱাৰা। এজনকো মই এতিয়া যাবলৈ দিব নোৱাৰোঁ।”
 তাৰ পাচত ফুকনে তাত কিবা প্ৰমাণ পায় নে চালে, কিন্তু একো নাপালে। বালিত মানুহৰ খোজ বহি আছিল; চোৰ ধৰাৰ সময়ত চোৱা হলে কোনটো আগ, কোনোটো পিচ চিন পোৱা গ'লহেতেন। কিন্তু এতিয়া চিনিবৰ উপায় নাই; ক'ৰবাত ধনৰ মোনা পৰি আছে বুলি বহুতো মানুহে বিচাৰি আগৰ খোজৰ চিন একো নাইকিয়া কৰিলে। মাধৱৰ কাপোৰখনো পোৱা নগ'ল।
 তাত একো নাপাই সকলোটিয়ে ৰায় চাহাবৰ ঘৰলৈ বাট ল'লে।