মই বেগটো মেলিলোঁ। তাত কেইবাখনো নোট আছিল; .
মই তাৰে দুখন ল'লোঁ। তেতিয়া মই ভাবিছিলোঁ বোলো
দেউতাক নাপালোঁ যেতিয়া ইয়াৰেই ডাক্তৰ আনো, পিচত
দেউতাৰ আগত সকলো কথা ক’ম। কিন্তু ওলাই আহিবলৈ
বাট নাপালোঁ, কোনোবাই বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈ
গ’ল। তাৰ পাচত দুৱাৰ মেলি এওঁলোকে মোক ইয়ালৈ লৈ
আহিছে। ইমান বেলিয়ে বা ঘৰত কি হৈছে দেউতা?”
মানুহটোৱে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। মাধৱে
মথুৰাক ক'লে,-“তোমালোকে ইয়াক আটক কৰি বৰ অন্যায়
কৰিলা। কোনে জানে ইয়াৰ ভিতৰত কি দুৰ্ঘটনা ঘটিছে।
বিশেষ কাৰণত মই এতিয়া যাব নোৱাৰোঁ। তুমি এতিয়াই
বৰুৱা ডাক্তৰক লৈ যোৱাঁগৈ; যি খৰচ পাতি লগে সকলো
দিবা। চাবা যেন যত্নৰ ত্ৰুটি নহয়।”
দুখীয়াক ক'লে,-“তই এতিয়া যা, ডাক্তৰ যাব।”
নোট দুখন মাধৱৰ ফালে আগ বঢ়াই দি দুখীয়াই ক'লে,-
“ডাক্তৰ নি’বই যেতিয়া এই দুখন আৰু মোক নালাগে।
লওক।”
মাধৱ।—লাগক বা নালাগক এতিয়া তোৰ হাততে থাওক।
নালাগে যদি পাচত ঘূৰাই দিব পাৰিবি। লাগিলে ক’ত
পাবি! এতিয়া যা।
মথুৰা, চাকৰ আৰু দুখীয়া তেতিয়া লৰালৰিকৈ নিজ নিজ
কাম কৰিবলৈ গ'ল। চিলঠীয়া দাৰোগাজনে ঘটনাটো চাই
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৭১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
চোৰ কোন?