সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

নবম অধ্যায়।

—চোৰ কোন?—

 চোৰ সোমাইছিল ৰায় চাহাব জগদানন্দ বৰকাকতীৰ ঘৰত। তেওঁ সেই দিনা তেওঁৰ প্ৰয়োজন নথকা মাটি এডোখৰ বেচি এহেজাৰ টকা পাইছিল; তাৰে দুশ নগদ টকা, বাকীখিনি নোট। সেইদিনা বেঙ্কত জমা দিবলৈ সময় নোপোৱাত, তেওঁ তাক মোনা এটাত ভৰাই শোৱনি ঘৰত থকা লোৰ চলুকটোত ভৰাই থৈছিল। পুৱতী নিশা চোৰ সোমাই এই মোনাটোকে হাত কৰিছিল; কিন্তু চোৰৰ দুৰ্কপাল, ওলাবলৈ নৌ পাওঁতেই গম পাই ৰায় চাহাবে চোৰ চোৰকৈ চিঞৰি উঠিল। তৎক্ষণাৎ তেওঁৰ টোলত থকা কেইবাটাও মানুহে চোৰৰ পিচে পিচে খেদা দিলে। তেওঁ নিজেও কি নিলে তাৰ তত্ত্ব লৈ মটৰেৰে থানালৈ গ'ল।
 তেওঁ পোনেই গল চাৰ্ক্ ল্ ইন্স্ পেক্টৰ হেমচন্দ্ৰ ফুকনৰ ঘৰলৈ। ফুকন তেতিয়াও শোৱাৰ পৰা উঠা নাছিল; ৰায় চাহাব যোৱাৰ খবৰ পাই তেওঁ লৰালৰিকৈ শয্যা এৰি ওলাই আহিল আৰু সকলো কথা শুনি সেই চব ইন্সপেক্টৰজনক তৎক্ষণাৎ জনচেৰেক চিপাহীৰে সৈতে চোৰ বিচাৰিবলৈ আদেশ