শিকাৰ পিচত গুৱাহাটীলৈ বদলি হৈ অহা দুপ্তাহমানহে
হৈছে।
তেওঁ আকৌ মাধৱক প্ৰশ্ন কৰিলে,—“ধনৰ মোনাটো কি
কৰিলি?
মাধৱ।—তোমালোকে মোক চোৰ বুলি হাতে হাতে
ধৰিছাই, ধনৰ মোনাটো উলিয়াই ল'ব নোৱাৰা নে?
দাৰোগাৰ খং উঠিছিল। মাধৱক অলপ উত্তম-মধ্যম
দিবৰ নিমিত্তে অলপ আগবাঢ়িও গৈছিল। কিন্তু মাধৱৰ চকুৰ
ফালে চাই থমকা খাই ৰ'ল। এনেতে ৰঘুবীৰে ক'লে,-
“মই যেতিয়া এইখিনি পাওঁ, তেতিয়া আলিৰ দাঁতিত এজনী
তিৰোতা দেখিছিলোঁ। তাই এজনী বেশ্যা, এতিয়া এওঁ
ৰাখিছে, অলপ পাচতে মানুহজনী আঁতৰি গ'ল। লৰি
আহোঁতেই মোনাটো তাইক দি আহিব পায়।”
কথাটো সমূলি সঁচা নহয়। যেতিয়া ৰঘুবীৰ আৰু মাধৱে
পানীত দৰা-দবৰি কৰি থাকে, প্ৰতিমা তেতিয়াহে আহিছিল।
তেওঁ অৱশ্যে কাকো দেখা পোৱা নাছিল। কিন্তু ঠিক সেই
সময়তে চাৰিজন মানুহ লৰি অহা দেখি তেওঁ তাৰপৰা এফলীয়া
হৈ যায়, আৰু ৰঘুবীৰ আৰু মাধৱ পানীৰপৰা উঠাৰ লগে
লগে সেই ঠাই এৰে।
ৰঘুবীৰৰ কথা শুনি দাৰোগাই মাধৱৰ ফালে চাই ক'লে,-
“বেশ্যাক ধন যোগাবলৈ চুৰ কৰিবলৈ লৈছ। এইবাৰ তাৰ
প্ৰতিফল পাবি। ব’ল থানালৈ ব’ল। মহাবীৰ, হেণ্ড্ কাফ্,
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
পুলিচৰ হাতত