ওফৰা দি উফৰিল, বাটডোখৰত কোনোমতে ধৰিব নোৱা-
ৰিলোঁ। পিচত সি আহি সৌ শিলটোৰ পৰা জাঁপ মাৰি
পানীত পৰিল। ময়ো তাৰ পিচতে জাঁপ দিলোঁ। তাৰ
পিচত ইমান খিনিলৈকে খেদিহে কোনোমতে তাক ধৰিলোঁ।
আৰু বহুত প্ৰবন্ধে পাৰলৈ আনিলোঁ।”
মানুহ কেইটাৰ এটাই ক'লে,-“আপুনি এইটো ব্যৱসায়ত
ধৰিবলৈহে ওকালতি এৰি দিছিল!”
মাধৱে ক'লে,-”থানালৈ ব’ল, তাতহে মই মোৰ কথা
ক’ম।”
ঘাটৰ পৰা থানা বেছি দূৰৈত নহয়। এজনে ক'লে,—
“হাকিম মটৰেৰে থানালৈ গৈছেই। তেওঁক খবৰ দিয়াহে
ভাল হ’ব।”
কিন্তু কোনো খবৰ দিবৰ প্ৰয়োজন নহল। সকলোৱে
দেখিলে এজন দাৰোগা, চাৰিজন চিপাহীৰে সৈতে সেই
ফাললৈকে আহিছে। তেওঁলোক আহি ঘটনাস্থলত উপস্থিত
হ’লত ৰঘুবীৰে তেওঁলোকৰ আগতো আগেয়ে কোৱা কথাকেই
ক'লে। ৰঘুবীৰৰ কথা শেষ হ’লত দাৰোগাই মাধৱলৈ চাই
ক'লে,—“তোৰ কিবা ক’বলৈ আছে নে?”
প্ৰশ্নৰ গঢ় দেখি মাধৱৰ একো ক’বৰ মন নগ’ল। তেওঁ
ক'লে,—“সম্প্ৰতি মোৰ একো ক’বলৈ নাই।”
দাৰোগাজন নতুন মানুহ, কামত সোমোৱাও বেচি দিন
হোৱা নাই। তেওঁৰ ঘৰ ছিলেটত। এবছৰ কাছাৰত কাম
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
আবিষ্কাৰ
