হ'লে বাকী ছোৱা দিব পৰাকৈ মাজৰ অধ্যায় চাৰিটাতো হাত ফুৰাই থ’লে। দুৰ্ভাগ্যৰ বিষয়, মাত্ৰ চাৰিটা অধ্যায় প্ৰকাশ হোৱাৰ পাচতেই আৱাহন বন্ধ হয় আৰু কিতাপৰ এছোৱা সম্পাদকৰ হাতত থকাত কিতাপখন ছপাবৰো উপায় নোহোৱা হয়। গ্ৰন্থকাৰে বাৰে বাৰে লিখিও সেই অধ্যায় কেইটা সম্পাদকৰ পৰা ঘুৰাই আনিব নোৱাৰি, অগত্যা আৱাহনত ওলোৱালৈকে বাট চাই থাকিব লগাত পৰিল। কিন্তু আজি ছবছৰত মাত্ৰ তেৰটা অধ্যায় হে “আৱাহনত” ওলাল। আৰু বাট চাবলৈ ধৈৰ্য্য নথকাত এতিয়া বাকী দুটা অধ্যায় যিমানদূৰ সম্ভব মনত পেলাই ন-কৈ লিখি কিতাপখন সম্পূৰ্ণ কৰা হ'ল। যদিও কিতাপৰ এছোৱা আৱাহন- সম্পাদকৰ হাতত থকাৰ বাবেই “আবিষ্কাৰ” ওলোৱাত পলম হ’ল আৰু কোনো কোনো ভবিষদ্বাণীও অতীত ঘটনাত পৰিণত হৈ গ'ল; তথাপি তেখেত লেখকৰ ধন্যবাদৰ পাত্ৰ; কিয়নো তেখেতে টানি নধৰা হ'লে কিজানি “আবিষ্কাৰ” অনাবিষ্কৃত হৈয়েই থাকিলহেতেন।
“আবিষ্কাৰ” কোনো বৈজ্ঞানিক, দাৰ্শনিক, ভৌগোলিক বা ঐতিসাসিক আবিষ্কাৰ নহয়, এখন সামাজিক উপন্যাস মাথোন। কিন্তু উপন্যাস হলেও, ইয়াৰ বাহিৰা সাজ-পাৰ,
* বাকী অধ্যায় দুটাও পিচত আবাহনত প্ৰকাশ হৈছিল, কিন্তু তাৰ আগতে কিতাপখন ছাপাখানালৈ পঠোৱাত পুনৰায় সাল-সলনি কৰা নহ'ল।