পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
আবিষ্কাৰ


মোৰ পাপৰ বোজা আপোনাৰ কান্ধত তুলি দিব। কিন্তু তেনে কাম হ'বলৈ প্ৰাণ থাকেঁতে মই দিব নোৱাৰোঁ। আপুনি মোৰ প্ৰাণদাতা, ঘোৰ অন্ধকাৰৰ মাজত স্বৰ্গীয় জ্যোতি দেখু- ৱাওঁতা। এনে নীচ বেশ্যা জগতত কোনো নাই, যি আপোনাৰ নিষ্কলঙ্ক চৰিত্ৰত এনে কালিমা সানিবলৈ লাজ নাপাব।
 এতিয়া মোৰ উপায় কি? যদি এতিয়াও আপুনি মোৰ। অভিভাৱক হৈয়েই থাকে, তেন্তে এই কলঙ্কৰ ভাগ মিছাকৈয়ে আপুনিও ল’ব লগাত পৰিব। সেইটো কেতিয়াও হ'ব নোৱাৰে। আকৌ যদি আপুনি মোক আগৰ দৰেই এৰি দিয়ে, তেন্তে মোৰ ভৱিষ্যৎ কি হ'ব? যি ফালৰ পৰাই চাওঁ মই জীয়াই থাকিলে অমঙ্গলৰ বাহিৰে মঙ্গল নহয়। মই আজি চাৰিদিন একেৰাহে ভাবি এই সমস্যা সমাধানৰ এটা মাথোন উপায় বিচাৰি পাইছোঁ,—আত্মহত্যা।
 এই চিঠি আপুনি যেতিয়া পঢ়িব, তেতিয়া মই বিশাল ব্ৰহ্মপুত্ৰৰ গভীৰ তলিত ঠাই ল’ম। আপুনি বেজাৰ নকৰিব। পাপীয়সীক,—নৰকৰ কীটক উদ্ধাৰ কৰিবলৈ আপুনি প্ৰাণপণে চেষ্টা কৰিছিল, কিন্তু মোৰ পাপৰ ভাৰ ইমান বেছি যে উদ্ধাৰ কৰা সম্ভব নহয়। আপুনি ইমান মহৎ, ইমান উদাৰ যে এজনী পতিতাক ৰক্ষা কৰিবৰ নিমিত্তে আপোনাৰ সুনামত চেঁকা লগবলৈকো সঙ্কুচিত নহ'ল।
 বিদায়! মোৰ সৰ্ব্ব অপৰাধ মৰষণ কৰে যেন। এই জন্মত মিছাকৈয়ে আপোনাৰ দুৰ্ণাম আনিলোঁ পৰ জন্মত