সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি ।

 ১৯৩৯ চনৰ ২ আগষ্টৰ পৰা ১১ চেপ্টেম্বৰলৈকে লেখক মৰিয়া-পাটীত পৰি থাকিব লগা হোৱাত আন কামৰ পৰা আজৰি পাই “অসম-সন্ধ্যা” লিখিবলৈ হাতত লয় আৰু ৩ চেপ্টেম্বৰৰ দিনা তাক শেষ কৰে। ইয়াৰ ভিতৰতে তেওঁ আৱাহনৰ সম্পাদক ডাঃ দীননাথ শৰ্ম্মাদেৱৰ পৰা আৱাহনত প্ৰকাশ কৰিবলৈ এখন উপন্যাস লিখি দিবৰ নিমিত্তে অনুৰোধ জুনাই লিখা চিঠি এখন পায়। সেই মতেই তেওঁ কাব্যখন শেষ হোৱাৰ পিচ দিনাই অৰ্থাৎ ৪ চেপ্টেম্বৰৰ দিনা “আবিষ্কাৰ” লিখিবলৈ হাতত লয় আৰু ১০ চেপ্টেম্বৰৰ দিনা তাক শেষ কৰে। কিন্তু শেষ কৰাৰ পাচত তেওঁ দেখিলে যে মাজতে চাৰিটা অধ্যায় আকৌ এবাৰ হাত ফুৰাব লগা হৈ থাকিল। কিন্তু ছুটীৰ দিন উকলি যোৱাত তেনে কৰিবলৈ তেওঁৰ সময় নাছিল। সেই কাৰণে প্ৰকৃত কাৰণটো আৱাহনৰ সম্পাদকক জনাই তেওঁক অপেক্ষা কৰিবলৈ কোৱা হ'ল, কিন্তু ১৯৪২ চনলৈকে কিতাপখন যেনে আছিল তেনে ভাবেই থাকিল। ১৯৪২ চনৰ শেষভাগত আৱাহনৰ সম্পাদকে উপন্যাসখন খুজি আকৌ লিখিলে। লেখকে নিৰুপায় হৈ প্ৰথম পোন্ধৰটা অধ্যায়কে ততা-তৈয়াকৈ পঠিয়াই দিলে আৰু সেই ছোৱা শেষ