পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
আবিষ্কাৰ


দেখিলে মাক গৈ লৈ আহে। ৰাতি কেতিয়াবা ভাত ৰান্ধে, আৰু মাকে ভাত ৰান্ধিলে কিতাপ পঢ়ে নাইবা ৰচনা লিখে।
 প্ৰতিমাৰ দৈনিক কাৰ্য্য়তালিকাৰ পৰা বুজা যায়, এতিয়া তেওঁৰ ঘৰলৈ আগৰ দৰে আলহীৰ সমাগম নাই। কাৰণ যি সময়টো তেনে আলহীৰ পক্ষে মাহেন্দ্ৰ-ক্ষণ, সেই সময়ত কোনোবা আহিলেও প্ৰতিমাৰ লগত সাক্ষাৎ নোহোৱাকৈয়ে উলটিব লগাত পৰে। চিঠি-পত্ৰ অৱশ্যে প্ৰথম ডোখৰত বহুতো আহিছিল, কিন্তু মাধৱে শিকোৱামতে বিয়াৰ প্ৰস্তাৱ কৰি উত্তৰ দিয়াত সকলোটিয়ে নিতাল মাৰিলে। যি দুই এজনে বিশেষ চেষ্টা কৰি লগ ধৰিছিল, বিয়াৰ প্ৰস্তাৱত তেওঁলোকো আঁতৰ হ’ল। অকৃতকাৰ্য্য় হৈ তেওঁলোকৰ মনত মাধৱৰ প্ৰতি হিংসা আৰু ঈৰ্ষাভাবে ঠাই ল'লে, মাধৱক কিবা এটা কৰিব নোৱাৰিলে যে তেওঁলোকৰ ইচ্ছা পূৰ্ণ নহয় তাক ভালকৈ বুজিলে। কিন্তু কি কৰিব! মাধৱ আৰু প্ৰতিমাৰ বিষয়ে নানা কুৎসিত কাহিনী প্ৰচাৰ কৰিও তেওঁ- লোকে মাধৱক আঁতৰাব নোৱাৰিলে। মাধৱ নিৰ্ব্বিকাৰ হৈয়েই থাকিল।
 ইয়াৰ ভিতৰতে এজন অৱসৰ পোৱা হাকিম মহেশ্বৰৰ ঘৰলৈ গৈছিল। তেওঁ নানা প্ৰকাৰ কথা পাতি কিছু সময় নিওৱাৰ পিচত ক'লে—“সেই মাধৱটোক আপোনাৰ ঘৰৰ পৰা ওলাই যোৱা দেখিলোঁ। তাক বৰকৈ আহিবলৈ নিদিব।”
 মহেশ্বৰ।—কিয়?