পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ষষ্ঠ অধ্যায়।

-মাধৱৰ প্ৰতিজ্ঞা—

 মাধৱে প্ৰতিমাৰ ওচৰত যি কৈছিল তাক আখৰে আখৰে পালন কৰিলে। তেওঁ তেওঁৰ এজন উকীল বন্ধুক কৈ-মেলি তেওঁৰ সৰু লৰা-ছোৱালী দুটাক পঢ়াবৰ নিমিত্তে মাহে দহ্ টকা দৰমহাত প্ৰতিমাক নিযুক্ত কৰালে। পঢ়িবলৈকো কাৰ্য্য়কৰী শিক্ষা পাব পৰা কিতাপ দুই এখনকৈ দিবলৈ ধৰিলে। ইমানতেই শেষ নহয়, প্ৰতিমাৰ গতি-বিধি, কাম- কাজ সকলোলৈকে তেওঁ বিশেষভাবে চকু ৰাখিবলৈ ধৰিলে আৰু প্ৰয়োজন মতে সৎপৰামৰ্শ দি প্ৰতিমাক নতুনকৈ গঢ়িবলৈ উঠি-পৰি লাগিল।
 মাধৱৰ যত্নত এতিয়া প্ৰতিমা আৰু আগৰ প্ৰতিমা হৈ থকা নাই। এতিয়া তেওঁ পুৱাতে উঠি ঘৰ-দুৱাৰ সাৰি-মচি গা ধোৱে, আৰু অলপ কিবা খাই লৈ ঘৰতে ওচৰ-চুবুৰীয়াৰ লৰা-ছোৱালীক দুঘণ্টামান শিক্ষা দিয়ে। দুপৰীয়া খাই-বৈ উঠি অলপ জিৰণি লৈ কেতিয়াবা চিলাই কৰে, কেতিয়াবা তাঁত বয়। গধূলি লৰা-ছোৱালী পঢ়াবলৈ যায় আৰু ৰাতি নমান বজাত ঘূৰি আহে। ৰাতি আহোঁতে যাৰ ঘৰত পঢ়াবলৈ যায় তেৱেঁই চাকৰৰ হতুৱাই থোৱায়, কেতিয়াবা পলম হোৱা