বিলাক পঢ়াশালিলৈ নাযায়। সিহঁতক তুমি তোমাৰ ঘৰতে
পঢ়াবলৈ লোৱাঁ আৰু লেতেৰা অভ্যাস এৰিবলৈ শিকোৱা।
যদি এই কাৰ্য্য়ত সিহঁতৰ আগ্ৰহ জন্মাব পাৰা, সময়ত ইয়াতে
এখন পঢ়াশালিও হ'ব পাৰে। ইয়াৰ বাহিৰেও কোনো
ভদ্ৰলোকৰ সৰু লৰা-ছোৱালী পঢ়াবলৈকো ল'ব পাৰা।
তাত তোমাৰ সজ কামত সময় কটোৱাও হ’ব, লগতে কিছু
উপাৰ্জ্জনো হ’ব। বাকী সময়ত বোৱা-কটা কৰিবা, ভাল
ভাল কিতাপ পঢ়িবা। যেনে কিতাপ পঢ়িলে তোমাৰ জ্ঞান -
অৰ্জ্জাও হ’ব, আৰু কামতো লাগিব তেনে কিতাপ ময়ে তোমাক
সময়ে সময়ে দি থাকিম। আৰু এটা কথা, ওচৰ চুবুৰীয়াৰ
ঘৰত জ্বৰ-নৰিয়া হ'লে, আৰু শুশ্ৰূষাৰ প্ৰয়োজন দেখিলে
ৰং মনেৰে তাত যোগ দিবা? এতিয়া মই যাওঁ,
তুমি কিন্তু প্ৰেম কৰিবলৈ অহা কাকো আসৈ নিদিবা।
প্ৰতিমা।—কেতিয়াও নিদিওঁ। আপুনি কিন্তু দিনৌ
একোবাৰ যেন দেখা দি যায়। সেয়ে হ’লেই কোনো
দুৰ্ব্বৃত্তই ওচৰ চাপিবলৈ সাহ নকৰে।
মাধৱ।—তোমাৰ অভিভাৱক হৈছোঁ যেতিয়া তুমি মোক
কৰ্ত্তব্য সোৱঁৰাই দিবৰ প্ৰয়োজন নাই।
মাধৱে বিদায় ল'লে। প্ৰতিমাই মাধৱক দেখা পোৱা-
লৈকে চাই থাকি দুৱাৰ মাৰিলে আৰু নীৰৱে বহি মনত ভূত-
ভৱিষ্যতৰ চিত্ৰ আঁকিবলৈ ধৰিলে।
⸺