পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
অভিভাবক


 চিঠি দুখন পঢ়া হ’লত মাধৱে তাক প্ৰতিমাৰ হাতত ঘূৰাই দিলে। প্ৰতিমাই তেতিয়াই দুয়োখন চিঠি টুকুৰা-টুকুৰকৈ ফালি পেলাই দি ক'লে,-“মই পাওঁতেই ফালি পেলাই দিলোঁহেতেন, অকল আপোনাক দেখুৱাবলৈ বুলিহে নফলাকৈ থৈছিলোঁ।
 মাধৱ।-এনে চিঠি পালে এটা কাম কৰিবা। তুমি তাৰ উত্তৰ দিবা। উত্তৰত লিখিবা—“আপোনাৰ চিঠি পঢ়ি আনন্দ, পালোঁ। আপোনাৰ দৰে এজন সদাশয় লোকৰ প্ৰণয়- পাত্ৰী হ'ব পৰাটো পৰম ভাগ্যৰ কথা। চিঠিৰ পৰা বুজিব পাৰিছোঁ আপুনি মোক ভাল পায়, গতিকে বিবাহ-বন্ধনত আৱদ্ধ হ’বলৈ সাজু। যদি সেয়ে হয়, প্ৰস্তাৱটো চিঠিৰে মোলৈ নকৰি সমাজৰ প্ৰচলিত প্ৰথামতে আইৰ ওচৰত কৰিব।”
 প্ৰতিমা।—লিখিম তেন্তে আজিৰ পৰা।
 মাধৱ।—তাৰ পিচত কথা হৈছে কু-চিন্তা, কু-ভাব আঁতৰাই ৰাখিবৰ একমাত্ৰ উপায় কাম। সদায় এটা নহয় এটা কামত ব্যস্ত থাকিলে কুচিন্তাৰ ভূতে লভিবলৈ সুযোগ নাপায়।
 প্ৰতিমা।—মোৰ যে কৰিবলৈ কামেই নাই।
 মাধৱ।—কাম বহুত আছে। কামৰ অভাব কেতিয়াও নহয়, অভাব কৰোঁতাৰ।
 প্ৰতিমা।—কিন্তু মই কৰিব পৰা কাম হ'লেহে!
 মাধৱ।—তুমি কৰিব পৰা কামেই আছে। তোমাৰ ওচৰতে বহুতো দুখীয়া মানুহ থাকে। সিহঁতৰ লৰা-ছোৱালী-