প্ৰতিমাই দুখন চিঠি আনি মাধৱৰ হাতত দি ক'লে,—
- এই দুজনেই আজি এই দুখন প্ৰেম-পত্ৰ দিছিল।”
মাধৱে প্ৰথমতে নপঢ়োঁ বুলিছিল, কিন্তু প্ৰতিমাৰ বিশেষ
অনুৰোধত শেহত পঢ়ি চালে। তাত তেওঁলোকে নানা
প্ৰলোভন দেখুৱাই প্ৰতিমাক তেওঁলোকৰ প্ৰেম-জ্ঞাপন কৰিছিল
আৰু দুয়োখনতে ভাষাও একে নহলেও ভাবত একে গঢ়েৰে
মাধৱৰ কথা উল্লেখ কৰিছিল। মাধৱ যে এটা অহৌবলিয়া,
মাধৱৰ কথা শুনিলে যে প্ৰতিমাৰ জীৱন মৰুভূমিত পৰিণত
হ’ব, প্ৰতিমাৰ অতুলনীয় ৰূপৰাশি কৃপণৰ ধনৰ দৰে সাচি থৈ
তাৰ সদ্ব্যৱহাৰৰ পৰা বিৰত হ'লে যে তেওঁৰ নিজৰ আৰু
লগতে সৃষ্টিকৰ্ত্তাৰো অৱমাননা কৰা হ’ব ইত্যাদি কথা
বিস্তৃত ভাৱে লিখা হৈছিল। মাধৱে চিঠি কেইখন পঢ়ি
বেজাৰৰ লগতে কিছু আমোদ উপভোগ কৰিলে। তেওঁ এটা
কথা মাথোন বুজিবলৈ টান পালে, কিয় দুয়োজন লগ লাগি
প্ৰতিমাৰ ঘৰলৈ আহিছিল।
দেখাত কথাটো অস্বাভাৱিকেই। কিন্তু আচল কথা
হৈছে তেওঁলোক গুৰিৰে পৰা লগেৰে অহা নাছিল, দুয়ো
দুফালৰ পৰা আহি প্ৰতিমাৰ ঘৰৰ মুখতে মুখা-মুখি হৈ পৰিছিল।
তেতিয়া প্ৰতিমাৰ ঘৰত মাধৱ আৰু প্ৰতিমাৰ কথা-বতৰা চলি
আছিল। এই সুযোগ পাই দুয়ো নিজ নিজ উদ্দেশ্য গোপন
কৰি প্ৰতিমাৰ ঘৰত কোন আছে তাক চোৱাৰ অভিপ্ৰায় প্ৰকাশ
কৰিলে আৰু আগেয়ে কোৱাৰ দৰে সোমাই আহিল।