প্ৰতিমা।—হ’ব? জীৱনে-মৰণে, সম্পদে-বিপদে মোক
নেৰে?
মাধৱ।—“নেৰোঁ।” যদি তুমি মোৰ কথামতে চলা
“আপুনিয়েই মোৰ ঈশ্বৰ”-এই বুলি প্ৰতিমাই মাধৱক
সেৱা কৰি দুয়োটা ভৰিত সাবটি ধৰিলে।
“উঠা, উঠা”—বুলি মাধৱে প্ৰতিমাক হাতত ধৰি তুলিব
খুজিলে। প্ৰতিমাই আঠু কঢ়া ভাবেই গাটো পোনাই, মূৰটো
মাধৱৰ কোলাত গুজি দি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
মাধৱে সান্তনা দিবলৈ যত্ন কৰিলে।
ঠিক এনে সময়তে ঘপহ, কৰে দুৱাৰ মেলি দুজন ডেকা
সোমাই আহিল। মাধৱে সিহঁতক চিনি পালে; সিহঁতেও
মাধৱক নিচিনাকৈ থকা নাই। মাধৱক দেখি এজনে ক'লে,-
“ঠিক হৈছে সমাজ সংস্কাৰকৰ কাৰ্য্য়!”
আন জনে ক'লে,-“এওঁৰ বিদ্যা ইমানখিনি পাইছেগৈ
বুলি কোনোবাই ভাবিব পাৰিছিল নে?”
যি অৱস্থাত সিহঁতে মাধৱ আৰু প্ৰতিমাক দেখা পাইছিল,
আগগুৰি নজনাকৈ তেনে অৱস্থাত দেখিলে যেয়েসেয়ে একে
কথাকেই ক’ব। মাধৱৰ মনতো অলপ কেনেবা কেনেবা
লাগিল।
মানুহ দুটা তেতিয়াই ওলাই গ'ল আৰু তেওঁলোকৰ পৰাই
অলপ সময়ৰ ভিতৰতে ঘটনাটো মানুহৰ বিশেষ আলোচনাৰ
বিষয় হৈ বিয়পি পৰিল।৩
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪১
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
অভিভাবক
