পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩২
আৱিষ্কাৰ

নে? মৃত্যুৰ বাহিৰে কিহে মোক শান্তি দিব! আপুনি দেৱতা, আপোনাক মই ভাঙি কওঁ-মৃত্যুৰ বাহিৰে এতিয়া মোৰ কাম্যবস্তু একো নাই। আপুনি ভুল কৰিলে, প্ৰাণ-ৰক্ষা কৰি ভীষণ অপকাৰ কৰিলে।
 মাধৱে নীৰৱে শুনি যাবলৈ ধৰিলে। প্ৰতিমাৰ কথাৰ তেওঁ কোনো সমিধান বিচাৰি নাপালে।
 প্ৰতিমাই কৈ যাবলৈ ধৰিলে,-“স্বাভাৱিক মৃত্যু বৰ সুখৰ, বৰ আনন্দৰ হ'লহেঁতেন। কিন্তু সি হৈ নুঠিল। এতিয়া অস্বাভাৱিক মৃত্য়ুক আহ্বান কৰাৰ বাহিৰে মোৰ আন উপায় একো নাই।”
 মাধৱ।-তুমি বাৰে বাৰে মৃত্যু কামনা কৰিছা কিয়? মৃত্যুক বিচাৰিব নালাগে, যেতিয়া তাৰ সময় হ'ব, তেতিয়া তুমি হাজাৰ সতৰ্কতা অৱলম্বন কৰিলেও বাধা দিব নোৱাৰা, সি আহিবই। সেইবোৰ এৰি পেলোৱাঁ। এতিয়া মৰণৰ কথা নাভাবি কেনেকৈ জীৱনৰ সদ্ব্যৱহাৰ কৰিব পাৰি তাকে ভাবাঁ।
 প্ৰতিমা।-মই আগেয়ে কৈছোঁ এজন অভিভাৱক নহ'লে মই আত্মৰক্ষা কৰিব নোৱাৰোঁ। বৰ্ত্তমানৰ দৰেই থাকিব লাগিলে জীৱন-নিৰ্ব্বাহৰ উপায় নিবিচাৰি, জীৱন বিনাশৰ উপায় বিচাৰিবলৈ মই বাধ্য।
 বহুত বেলি মৌনভাবে চিন্তা কৰাৰ পিচত মাধৱে ক'লে,- মই হ’ম তোমাৰ অভিভাৱক, যদি তুমি মই দেখুৱাই দিয়া -“বলৈ গাত লোৱা।”