পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
আবিষ্কাৰ


কি কৰিব! আধি-কটন, কাটি, শাক-পাচলিৰ পোহাৰ দি ছোৱালীজনী ডাঙৰ কৰিলে, স্কুলত পঢ়াই মাইনৰ পাচ কৰালে। হ'ব পাৰে এই আশ্ৰয়হীন অৱস্থাত তেওঁ বহুতৰ লগত অবৈধ প্ৰণয়ত লিপ্ত আছিল; কিন্তু সমাজে জানো তেওঁৰ জীৱিকাৰ নিমিত্তে তাৰ বাহিৰে আন কিবা বাট ৰাখিছিল? আন ফালে স্বামী বুলি মনত ৰাখিবলগীয়া কাৰো অস্তিত্ব অনুভৱ কৰিবৰো তেওঁ সুবিধা পোয়া নাছিল।
 মাল।—মাকৰ বাৰু সেয়ে। প্ৰতিমাৰ স্বভাৱ-চৰিত্ৰৰ কথা তো সকলোৰে জনাজাত।
 মাধৱ।–প্ৰতিমাৰ ৰূপ আছে, যৌৱন আছে, সেই ৰূপ- যৌৱনত মুগ্ধ যুৱক আছে; কিন্তু বিয়া কৰাওঁতা কোনো নাই, কথা প্ৰদৰ্শক নাই, অভিভাৱক নাই। এনে স্থলত যদি তেওঁৰ পতন ঘটিছে, তাত আচৰিত হ'বলগীয়া একো নাই।
 মাল।—সেই কাৰণেই কৈছো, আপুনি যি ভাবে ঘনিষ্ঠতা কৰিছে সি ভাল হোৱা নাই।
 মাধৱ।—তুমি তেন্তে মোৰ ওপৰত সন্দেহ কৰিছা?
 মাল।—কেতিয়াও নাই কৰা, কাৰণ মই আপোনাক চিনি পাওঁ। কিন্তু আন মানুহে আপোনাৰ বিষয়ে অশ্ৰাব্য আলোচনা কৰা কাণত পৰিছে।
 মাধৱ।—কৰিবলৈ দিয়া। যাৰ কোনো কাম নাই, সি এনেবিধৰ আলোচনাৰ বাহিৰে সময় কটাবলৈ আৰু কি পাব।