আন কি কৰিলে! সকলো ভোগ-বিলাস আৰু প্ৰলোভনৰ
মাজত এৰি দি সমাজে ক'লে—“খবৰ্দ্দাৰ! এইবোৰলৈ চকু
নিদিবা।” সমাজে ভাবি নাচালে বিধৱাৰো সধৱাৰ দৰেই
তেজ-মঙহ আছে, অঙ্গ-প্ৰত্যঙ্গ আছে, কামনা-বাসনা আছে।
হয় তেওঁক এনে এটা কৰ্ম্ম-পন্থা আৰু পৰিপাৰ্শ্বিক অৱস্থাৰ
মাজত ৰাখিব লাগিছিল, যাতে স্বাভাৱিক প্ৰবৃত্তিবিলাক
বিকাশ পাবলৈ সুৰুঙা নাপায়, নহলে পুনৰ্বিবাহৰ ব্যৱস্থা
দিব লাগিছিল। কিন্তু সমাজে তাৰ এটাও নকৰিলে। এনে
অৱস্থাত যদি এই বাল-বিধৱাৰ ভোগাকাঙক্ষা বিলাসী যুৱকৰ
প্ৰলোভনৰ ইন্ধনত জ্বলি উঠিল, তাৰ বাবে সমাজেই ঘাইকৈ
জগৰীয়া নহয় নে? তাৰ পিচত সেই সমাজৰে কোনোবা
বৰমূৰীয়াৰ ঘৰৰ কোনোবা লম্পটৰ জালত পৰি তেওঁ হ’ল
অন্তঃসত্বা। সমাজে কৰিলে কি? একে দোষতে দোষী
পুৰুষজন সমাজত মান ভাগ খাই থাকিল আৰু বিধৱা হ'ল
বহিষ্কৃতা। এদিন হয়তো তেওঁৰ ভৰি পিছলিছিল, কিন্তু
সমাজৰ এই ব্যৱস্থাই তেওঁক তুলি ধৰা দূৰৰ কথা, একেবাৰেই
নৰককুণ্ডলৈ নমাই দিলে। এতিয়া কোৱাঁ, দোষ কাৰ—
প্ৰতিমাৰ মাকৰ নে সমাজৰ?
সমাজৰ দোষত তেওঁ আজি পতিতা, সমাজ আৰু ঘৰৰ
পৰা বিতাড়িতা। তেওঁৰ উপায় নোহোৱা হ'ল। কেচুৱা
ছোৱালীটি লৈ তেওঁ ঠাই ল'লেহি নগৰৰ এচুকৰ সেই
পঁজাটিত। জন্মদাতাই কেতিয়াও তাইৰ খবৰ নললে। তেওঁ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৫
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
পতিতা
