মাধৱ।–মানুহে যি হকে ভাবক, তাক ভাবিবলৈ মোৰ
অৱসৰ নাই। মই যিটো কৰ্ত্তব্য বুলি বুজোঁ তাক কৰিমেই।
মাল।—কিন্তু মানুহে মিছা সন্দেহ কৰি জানো আপোনাৰ
ওপৰত আস্থা হেৰুৱাব নোৱাৰে? আৰু যদি ভুলকৈয়ে
হওক বা শুদ্ধকৈয়ে হওক, আপোনাৰ ওপৰত মানুহৰ অবিশ্বাস
জন্মে, তেতিয়া জানো আপোনাৰ কৰ্ত্তব্যত ব্যাঘাত নজন্মাকৈ
থাকিব? সেই কাৰণে সমাজৰ মতামতলৈকো কাণ দিয়া
উচিত বুলি মই ভাবো।
মাধৱ।—সমাজ সমাজ নকৰিবা। সমাজ ক’ত আছে?
দুৰ্ব্বলক উৎপীড়ন কৰিবলৈ, নাৰীক পদদলিত কৰিবলৈ,
দেৱতাক নৰকৰ গাতত হেঁচি সুমুৱাবলৈ সমাজ আছে; কিন্তু
বিপন্নক পৰিত্ৰাণ কৰিবলৈ, নাৰীৰ মৰ্য্য়াদা ৰক্ষা কৰিবলৈ,
পাতকীক নৰক-কুণ্ডৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো সমাজ
নাই। এনে আপোনপেটীয়া সমাজৰ শাসন মানি চলিবলৈ
মই কেতিয়াও প্ৰস্তুত নহওঁ। আন নালাগে, প্ৰতিমাহঁতৰ
কথাকে ধৰা যাওক।–প্ৰতিমাৰ মাক আছিল বামুণৰ
ছোৱালী। সমাজৰ শাসনত পৰি বাপেকে দিলে দহ বছৰতে
বিয়া আৰু তেওঁ বিধৱা হ’ল এঘাৰ বছৰত। তেওঁ বিয়াৰ
অৰ্থ ও নুবুজিলে, স্বামী কি বস্তু তাৰো ধাৰণা কৰিব
নোৱাৰিলে। সমাজৰ ব্যৱস্থা হ'ল তেওঁ চিৰজীৱন ব্ৰহ্মচাৰিণী
হৈ থাকিব লাগিব। কিন্তু কোৱাচোন তেনে জীৱন
অতিবাহিত কৰিবলৈ মুখেৰে ব্যৱস্থা দিয়াৰ বাহিৰে সমাজে
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
আবিষ্কাৰ