মই তেতিয়া, আইৰ আগত সকলো কথা ভাঙি-ছিঙি
কলোঁ। আয়ে যদিও মোক খং কৰি সতৰ্ক কৰি দিলে,
দেউতাৰ আগত একো নুলিয়ালে। মই ৰক্ষা পৰিলোঁ।
মানুহটোৱেও দুবছৰমানত অলপ অলপকৈ টকাকেইটা
পৰিশোধ কৰিলে। আমাৰ ঘৰৰ প্ৰতি আজিলৈকে তাৰ
এটা আপোন ভাব আছে; আন কি, যে কোনো খেতিৰ বস্তু
প্ৰথমেই আমাৰ ঘৰত অলপ নিদিয়াকৈ সি নিজে
নাখায়।
মালৱিকা মৌন হ’ল। এই অদ্ভুত মানুহটোক তেওঁ
ভালকৈ বুজিব নোৱাৰিলে; অথচ তেওঁৰ গাত এনে কিবা
এটা আছে যাৰ বাবে মালৱিকাই তেওঁক শ্ৰদ্ধা নকৰি
নোৱাৰে।
মাধৱে সুধিলে-“কি হে! কথা নোকাৱা যে! কি
ভাবিছা?”
মাল।—কি ভাবিছোঁ ক'লে কি জানি আপোনাৰ খঙেই উঠে।
মাধৱ।— নুঠে, কোৱাঁ।
মাল।—আপুনি প্ৰতিমাৰ স্বভাৱ চৰিত্ৰৰ কথা সকলো
শুনিছে—এই নগৰত নুশুনা মানুহ কোনো নাই। তেওঁৰ
নিমিত্তে আপুনি ইমান যত্ন আৰু কষ্ট স্বীকাৰ কৰা, আন কি,
চুৰ কৰা কথা শুনিলে মানুহে আপোনাৰ বিষয়ে কিবাকিবি
নভবাকৈ থাকিব নে?
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
পতিতা