উপায় নাছিল। ইপিনে দেউতাই এনেয়ে, আদায় হোৱাৰ
আশা নেদেখি, আদালতৰ আশ্ৰয় ল'লে আৰু টকা ডিক্ৰী পাই
তাৰ ঘৰ-মাটি ক্ৰোক কৰিলে। মানুহটোৱে আহি পিতাৰ
ওচৰত পাৰেমানে কান্দিলে। পিতাই কলে-“ডিক্ৰী পোৱা
ছকুৰি টকাৰ ভিতৰত তই যদি মূল পঞ্চাশ টকা আৰু খৰচৰ
বাবদ দহ টকা, মুঠ তিনি কুৰি টকা এসপ্তাহৰ ভিতৰত দিব
পাৰ তেন্তে বাকীখিনি এৰি পেলাম। কিন্তু মোক নগদ টকা
লাগে, খত-পত্ৰ নালাগে।” কিন্তু সি নগদ টকা দিব ক'ৰপৰা?
আগেয়েই সি ক'তো ধাৰ নাপালে, এতিয়া আকৌ ভেটি-মাটি
যাবলৈ ধৰা অৱস্থাত তাক কোনে টাকা দিব! মানুহটোৰ দুৰৱস্থা
দেখি মোৰ বেজাৰ লাগিল। মই তেতিয়া আইৰ হাতনি-
পেৰাৰ পৰা ৰূপ তিনি কুৰি চুৰ কৰি নি মানুহটোক গোপনে
দি আহিলোঁ। সি তাৰে দেউতাৰ লেঠা মাৰি দি সম্পত্তি
ৰক্ষা কৰিলে।
মাল।— ঘৰত সেই টকাৰ বিচাৰ নললে জানো?
মাধৱ।— লৈছিল। আয়ে সেই টকা কম পাই বাকচৰ
টকা উৰাই ঘূৰাই লেখা দেখিয়েই মই বুজিলোঁ এখন গোল-
মাল নোহোৱাকৈ নাথাকে। মই সেই কাৰণে আইৰ কাষ
চাপি সুধিলোঁ—“কি হ’ল আই?”
আয়ে ক'লে—“টকা তিনি কুৰি দেখোন কম ওলাইছে।
গাটেইখিনি নিলেহেঁতেন; তিনি কুৰি নি
কিয়?”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৪
আবিষ্কাৰ