পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
আবিষ্কাৰ


 মালৱিকাৰ ঘৰ মাধৱৰ ঘৰৰে প্ৰায় লগালগি। মালৱিকাৰ পিতাকৰ নাম মহেশ্বৰ বৰুৱা। তেওঁৰ দুটা লৰা—দেৱেশ্বৰ আৰু যোগেশ্বৰ। আই, এ, পাচ কৰি দেৱেশ্বৰ এতিয়া জীৱন- বীমা কোম্পানীৰ এজেন্ট হৈছে; সেইকাৰণে তেওঁ বেচি ভাগ দিন প্ৰৱাসতে থাকে। যোগেশ্বৰে এতিয়া বি, এ, পঢ়ে। মালৱিকাই এবছৰৰ আগতে মেট্ৰিকুলেশ্য়ন্ পাচ কৰি এনেয়ে ঘৰতে : আছে, কোনো চাকৰি-বাকৰি কৰা নাই। আন ঠাইত চাকৰিৰ আশা আছিল যদিও, পিতাকে ঘৰৰ পৰা আঁতৰি যাবলৈ নিদিয়াত যাব পৰা নাই।
 মাধৱে মেট্ৰিকুলেশ্যন্ পাচ্, কৰি যেতিয়া গুৱাহাটীৰ কলেজত নাম লগায়, তেতিয়াৰ পৰাই এই ঘৰতে আছে। মালৱিকাৰ ককায়েক দেৱেশ্বৰ কলেজত তেওঁৰ সহপাঠী আছিল। এনেয়ে লগালগি ঘৰ, তাতে আকৌ দুয়ো একে বিষয়কে পঢ়িছিল। সেইকাৰণে মাধৱ আৰু দেৱেশ্বৰৰ দুয়োখন ঘৰেই নিজা হৈ পৰিছিল। দেৱেশ্বৰহঁতৰ ঘৰত মাধৱলৈ দুৱাৰ সদায় মুকলি। আন নালাগে সোধ-পোছ নোহোৱাকৈ ৰান্ধনীঘৰত সোমাই ভাত-জলপান খুজি খোৱাতো কোনেও অস্বাভাৱিকতা অনুভৱ নকৰে। মহেশ্বৰ আৰু তেওঁৰ গৃহিণীয়েও মাধৱক -নিজৰেই এটা ল'ৰা যেন ভাবে।
 মাধৱ যেতিয়া কলেজত ভৰ্ত্তি হয়, মালৱিকাই তেতিয়া ইংৰাজী স্কুলৰ চতুৰ্থ মানত পঢ়িছিল। মাধৱে কেতিয়াবা