পতিতাক উদ্ধাৰ কৰিবলৈ মিছা আড়ম্বৰ নকৰাই ভাল। যদি
সঁচাকৈয়ে কিবা কৰিব খোজে, তেন্তে উদ্ধাৰ কৰাৰ পাচত
পতিতাক বিয়া কৰোৱা দোষৰ কথা নহয় বুলি সাব্যস্ত কৰক,
আৰু বিয়া কৰাবলৈ সাজু থকা এদল ডেকা ওলাওক; নহ'লে
এইখন ভেকো ভাওনা এৰি দিয়ক।
আৰু এটা কথা,—ভাৰতীয় ধৰ্ম্মবিশ্বাস আৰু আচাৰ-নীতি
আদি একেদৰে ৰাখি পাশ্চাত্যদেশৰ দৰে স্ত্ৰী-পুৰুষৰ অবাধ
গতিবিধি আমাৰ দেশত চলাবলৈ যোৱা মহাভুল। যিবোৰ।
দেশত স্বামী বৰ্ত্তমান থাকোতেও পৰিত্যাগ কৰি নতুন স্বামী
লোৱা কোনো দোষৰ কথা নহয়, যিবিলাক দেশত অজ্ঞাত
পিতৃৰ সন্তান পালনৰ নিমিত্তে শাসনবিধিত ব্যৱস্থা আছে,
তেনেবোৰ দেশৰ আহি লৈ স্ত্ৰী-পুৰুষৰ চলন-ফুৰণৰ বাধা
আমাৰ দেশতো গুচাই দিলে অন্ততঃ তিৰুতাৰ মঙ্গল নহয়।
তেনে বাধা গুচাৱ খুজিলে সমাজে সাধাৰণ ব্যভিচাৰলৈ
চকু দিবলৈ এৰিব লাগিব, পুৰুষৰ পক্ষে ব্যভিচাৰ যেনে সামান্য
ঘটনা, তিৰুতাৰ পক্ষেও তেনে হ'ব লাগিব। মুঠতে আগ ধৰি
সমাজৰ বান্ধ-ছাটবোৰ সোলোকাই নাইবা ঢিলাই দিহে
স্ত্ৰীপুৰুষৰ অবাধ মিলন প্ৰবৰ্ত্তন কৰা উচিত। নহলে
ব্যভিচাৰ ঘটিবই, আৰু পুৰুষসকল সাৰি যাব; মৰা পৰিব
অকল তিৰুতা। আগেয়ে যদিও মই ইয়াৰ বিপৰীত
মত পোষণ কৰিছিলোঁ, এতিয়া তিতি-বুৰি এই শিক্ষা
পাইছোঁ।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৪২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৪
আবিষ্কাৰ