পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩
প্ৰতিমাৰ চিঠি


ৰখাৰ কি ব্যৱস্থা কৰিলে। মই আপোনাক ভাল পাইছিলোঁ, ঘৃণিতা বেশ্যা হ’লেও আজিও ভাল পাওঁ। আপুনিও মোক মৰম কৰিছিল, মোৰ সম্মান ৰক্ষাৰ নিমিত্তে নিজে কলঙ্ক বৰণ কৰি লৈছিল; কিন্তু মোক বিয়া নকৰালে কিয়? আপুনি যদি মোক বিয়া কৰালেহেতেন, মোৰ বিশ্বাস, মই সকলো বিষয়তে এজনী আদৰ্শ-নাৰী বুলি পৰিচয় দিব পাৰিলোঁ- হেতেন। আপুনি বিয়া নকৰাই আন এজনৰ লগত বিয়া দিয়া হলেও আকৌ মোৰ এনে অধঃপতন নহলহেতেন। কত পতিত পুৰুষে, কত জঘন্য চৰিত্ৰৰ মুনিহে বিয়া কৰোৱাৰ পাচত আদৰ্শ গৃহস্থ বুলি চিনাকি দিছে, তাক চকুৰ আগতে দেখি আছে। পতিতাও আদৰ্শ গৃহিণী হ’ব পাৰে নে নোৱাৰে তাৰ প্ৰমাণ জানো কেতিয়াবা চাইছে। পতিত পুৰুষক বৰ্জ্জ ন নকৰি বা ব্ৰহ্মচৰ্য্য় অবলম্বন কৰিবলৈ নকৈ বিয়াৰ বান্ধোনেৰে বান্ধ লগাবলৈ চেষ্টা কৰাহে দেখা যায়, আৰু অধিক ক্ষেত্ৰত সেই চেষ্টা ফলৱতী হয়। পুৰুষৰ প্ৰতি যি ব্যৱস্থা, তিৰুতাৰ প্ৰতি তেনে ব্যৱস্থা নকৰি তাৰ বিপৰীত ব্যৱস্থা কৰাৰ বাবেই পতিতাৰ সংখ্যা এনেকৈ বাঢ়িছে বুলি মই কওঁ। আপোনালোকে ব্যক্তিগত ভাবে বা নাৰীৰক্ষাসমিতি পাতি পতিতাক এবাৰ ৰক্ষা কৰিব পাৰে, কিন্তু তাৰ পাচত কোনো এক আশ্ৰমত থৈ ৰক্ষককে ভক্ষক কৰি দি, নাইবা শাস্ত্ৰীয় উপদেশেৰেই কৰ্ত্তব্য শেষ কৰি তেনে পতিতাৰ অধঃপতন চিৰস্থায়ী কৰি দিয়ে। আপোনালোক অনুসৃত পন্থামতে